Sukanya Bora Again Interrogation By CM Vigilance:আয় বহিভূত পৰ্বতসম সম্পত্তি আহৰণ কৰা

কন্যা বৰাক পুনৰ মাৰাথন জেৰা চিএম ভিজিলেন্সৰ

sukainya borah

Sukanya Bora Again Interrogation By CM Vigilance:

ৰাকেশ পালৰ আৰ্শীষধন্য হৈ বক্ৰপথৰে এচিএছ ৰূপে চাকৰি লাভ কৰাৰ পাছত চাকৰি জীৱনৰ আঠ বছৰৰ ভিতৰত পৰ্বতসম বিশাল সম্পত্তি আহৰণ কৰা সুকন্যা বৰাক বুধবাৰে পুনৰ মাৰাথন জেৰা চলাই চিএম ভিজিলেন্সে

ADVERTISEMENT

ইতিমধ্যে চিএম ভিজিলেন্সে সুকন্যা বৰাৰ গুৱাহাটীৰ কে’বা ঠাইত থকা বিশাল সম্পত্তি আৰু ৰাজ্যৰ কেতবোৰ অঞ্চলত থকা সম্পত্তিৰ তথ্য লাভ কৰাৰ পাছৰে পৰা চেগাচোৰোকাকৈ জেৰা চলাই আছে নিলম্বিত এচিএছ বিষয়া গৰাকী ৷

ভিজিলেঞ্চৰ জেৰাত বহু তথ্য সদৰি কৰাৰ পৰা বিৰত থকাত তদন্তকাৰী বিষয়া শেহতীয়াকৈ হৈ পৰিছে ক্ষুন্ন ৷

যাৰবাবে ইতিমধ্যে চি এম ভিজিলেঞ্চ আন কেতবোৰ উৎসৰ পৰা লাভ কৰা তথ্য অনুসৰি সুকন্যাৰ আত্মীয়কো জেৰা চলাইছে ভিজিলেন্সে ৷

উল্লেখ্য যে, ভিজিলেঞ্চ লাভ কৰা তথ্যানুসৰি সুকন্যাৰ পৰিয়াল আৰু আত্মীয়ৰ নামত আছে অগাধ সম্পত্তি ৷

আনহাতে, সুকন্যা বৰাৰ এসময়ৰ কৰ্মস্থলী আমিনগাঁৱস্থ কামৰূপ গ্ৰাম্য জিলা আয়ুক্ত কাৰ্যালয়ৰ কেইবাজনো বিষয়াকো সুকন্যা বৰাৰ সম্পত্তিৰ সন্দৰ্ভত জেৰা কৰে ভিজিলেঞ্চে ৷

Exit mobile version