Sukanya Bora Again Interrogation By CM Vigilance:
ৰাকেশ পালৰ আৰ্শীষধন্য হৈ বক্ৰপথৰে এচিএছ ৰূপে চাকৰি লাভ কৰাৰ পাছত চাকৰি জীৱনৰ আঠ বছৰৰ ভিতৰত পৰ্বতসম বিশাল সম্পত্তি আহৰণ কৰা সুকন্যা বৰাক বুধবাৰে পুনৰ মাৰাথন জেৰা চলাই চিএম ভিজিলেন্সে ৷
ইতিমধ্যে চিএম ভিজিলেন্সে সুকন্যা বৰাৰ গুৱাহাটীৰ কে’বা ঠাইত থকা বিশাল সম্পত্তি আৰু ৰাজ্যৰ কেতবোৰ অঞ্চলত থকা সম্পত্তিৰ তথ্য লাভ কৰাৰ পাছৰে পৰা চেগাচোৰোকাকৈ জেৰা চলাই আছে নিলম্বিত এচিএছ বিষয়া গৰাকী ৷
ভিজিলেঞ্চৰ জেৰাত বহু তথ্য সদৰি কৰাৰ পৰা বিৰত থকাত তদন্তকাৰী বিষয়া শেহতীয়াকৈ হৈ পৰিছে ক্ষুন্ন ৷
যাৰবাবে ইতিমধ্যে চি এম ভিজিলেঞ্চ আন কেতবোৰ উৎসৰ পৰা লাভ কৰা তথ্য অনুসৰি সুকন্যাৰ আত্মীয়কো জেৰা চলাইছে ভিজিলেন্সে ৷
উল্লেখ্য যে, ভিজিলেঞ্চ লাভ কৰা তথ্যানুসৰি সুকন্যাৰ পৰিয়াল আৰু আত্মীয়ৰ নামত আছে অগাধ সম্পত্তি ৷
আনহাতে, সুকন্যা বৰাৰ এসময়ৰ কৰ্মস্থলী আমিনগাঁৱস্থ কামৰূপ গ্ৰাম্য জিলা আয়ুক্ত কাৰ্যালয়ৰ কেইবাজনো বিষয়াকো সুকন্যা বৰাৰ সম্পত্তিৰ সন্দৰ্ভত জেৰা কৰে ভিজিলেঞ্চে ৷