Sasal:মহানগৰীৰ চচলস্থিত টেপুৰাম টেৰণ হাইস্কুলৰ শিশু আৰু কিশোৰৰ পুথিভঁৰালৰ আধাৰশিলা আৰু নিৰ্মানকাৰ্যৰ শুভাৰম্ভ

atul bora 1

Sasal:

মহানগৰৰ চচলত অৱস্থিত টেপুৰাম টেৰণ হাইস্কুল প্ৰাংগণত দিশপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা আৰু গুৱাহাটী পৌৰ নিগমৰ ৫৯ নম্বৰ ৱাৰ্ডৰ পাৰিষদ অসীম শইকীয়াই বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি থানেশ্বৰ মালাকাৰৰ উপস্থিতিত সমগ্ৰ শিক্ষা অসমৰ অনুমোদনক্ৰমে শিশু আৰু কিশোৰৰ পুথিভঁৰালৰ আধাৰশিলা স্থাপন আৰু নিৰ্মান কাৰ্য শুভাৰম্ভ কৰে ৷

১৬ লাখ টকা অনুদানেৰে নিৰ্মাণ হ’বলগীয়া পুথিভঁৰালৰ শুভাৰম্ভ অনুষ্ঠানত সমগ্ৰ শিক্ষা অসমৰ পৰিকল্পনা বিষয়া ৰাজীৱ দত্ত, গুৱাহাটী পৌৰ নিগমৰ সহকাৰী আয়ুক্ত অম্বৰীশ বালি, গুৱাহাটী পৌৰ নিগমৰ মনোনীত পাৰিষদ লাবণ্য দেৱী, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যবৃন্দ, অভিভাৱকবৃন্দ আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সমন্বিতে শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে ৷

নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰি বিধায়কগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন উন্নয়ণৰ বাবে এই পুথিভঁৰালে অনবদ্য সম্পদ হিচাপে গঢ়ি উঠিব বুলি বক্তব্য আগবঢ়ায় ৷ বিদ্যালয়ৰ পৰিচালনা তথা উন্নয়ণ সমিতিৰ সভাপতি অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত- সচিব থানেশ্বৰ মালাকাৰৰ আশাশুধীয়া প্ৰচেষ্টাৰ লগতে পৰিচালনা সমিতিৰ সমূহ সদস্যৰ সহযোগীতাত এই বিদ্যালয়ে অনুদান পাবলৈ সক্ষম হৈছে ৷

টেপুৰাম টেৰণ হাইস্কুলৰ অসম চৰকাৰৰ দ্বাৰা স্থাপন হোৱা এই পুথিভঁৰালে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ এক বহুদিনীয়া অভাৱ দূৰ কৰিব বুলি উপস্থিত সকলে মতপোষণ কৰে ৷

Exit mobile version