Titabor:তিতাবৰৰ ইকৰাণিত সদৌ চুতীয়া জাতি সন্মিলন অসম, চুতীয়া উন্নয়ণ পৰিষদৰ উদ্যোগত বিশাল জনসম্পৰ্ক সভা সম্পন্ন

sutia

Titabor:

তিতাবৰৰ ইকৰাণিত সদৌ চুতীয়া জাতি সন্মিলন অসম, চুতীয়া উন্নয়ণ পৰিষদ, তিতাবৰ জিলা চুতীয়া জাতি সন্মিলন, মহিলা সন্মিলন আৰু ভাতৃ-ভগ্নী সংগঠনৰ উদ্যোগত এক বিশাল জনসম্পৰ্ক সভা অনুষ্ঠিত হয়।

ইকৰাণিৰ সাধনী ভৱনত অনুষ্ঠিত হোৱা এই সভাত সদৌ চুতীয়া জাতি সন্মিলন অসম, চুতীয়া উন্নয়ণ পৰিষদ, যুৱ সন্মিলন, মহিলা সন্মিলনৰ কেন্দ্ৰীয় আৰু বিভিন্ন প্ৰান্তৰ কেইবাখনো জিলাৰ সমিতিৰ ভালেসংখ্যক বিষয়ববীয়াই অংশগ্ৰহণ কৰে।

পুৱা সাধনীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, পুস্পাঞ্জলি অৰ্পন আদিৰ পিছতে দুপৰীয়া জনসম্পৰ্ক সভাখন অনুষ্ঠিত হয়। তিতাবৰ জিলা চুতীয়া জাতি সন্মিলনৰ সম্পাদক দুলাল শইকীয়াই আঁত ধৰা সভাত সদৌ চুতীয়া জাতি সন্মিলন অসমৰ সভাপতি বিবুল হাজৰিকা আৰু চুতীয়া উন্নয়ণ পৰিষদৰ অধ্যক্ষ কুলকমল বৰুৱাক গামোছা, চেলেং, সম্বৰ্ধনা পত্ৰ আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাচ নৱগঠিত কেইবাখনো সমিতিৰ শপন গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়।

চুতীয়া সংগঠনৰ কেইবাজনো জ্যেষ্ঠ বিষয়ববীয়াই ভাষণ প্ৰদান কৰা বিশাল জনসম্পৰ্ক সভাখনত স্থানীয় সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে।

Exit mobile version