Witchcraft incident again in the state:
তেজপুৰৰ নিকটৱৰ্তী নিজ বাঁহবাৰীত জঘন্য ঘটনা সংঘটিত হৈছে দেওবাৰে নিশা ৷
দেওবাৰে নিশা প্ৰায় ১০বজাত ডাইনী সন্দেহত জীৱন্তে মহিলাক জ্বলালে এদল উন্মত্ত লোকে৷সন্তানৰ সন্মুখতে জ্বলালে মাতৃক৷সংগীতা কাপি নামৰ মহিলা গৰাকীক ডাইনী বুলি অভিযোগ তুলি দুৰ্বৃত্তৰ দলে হানিখুচি জ্বলাই দিয়ে ৷
তিনি সন্তানৰ মাতৃ তথা ৰাম কাপিৰ ৪০বছৰীয়া সংগীতা কাপিক প্ৰথমে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পিছত খেৰ,জপনা জাপি জ্বলাই দিলে একেখন গাঁৱৰ একাংশ অন্ধবিশ্বাসী, অশিক্ষিত উন্মত্ত দুস্কৃতিকাৰীয়ে।
আৰক্ষীয়ে নিশাই অভিযান চলাই ৪ জনক গ্ৰেপ্তাৰ কৰাৰ পাছত দিনত আন দুই অভিযুক্ত সহ মুঠ ছয় জনক গ্ৰেপ্তাৰ কৰিছে ঘটনা সন্দৰ্ভত ৷
অজয় চাংহাৰ,টিংকু মালহাৰ,সুৰয বাঘোৱাৰ,ধীৰাজ বাঘোৱাৰ, বাবুল নাগধৰ আৰু বাইলা চাংহাৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তেজপুৰ আৰক্ষীয়ে ৷
উল্লেখ্য যে,গ্ৰেপ্তাৰ হোৱা বিশেষ ভাৱে সক্ষম ধীৰাজ বাঘোৱাৰৰ এখন ভৰি কাটি পেলাবলগীয়া হৈছিল আৰু ইয়াৰ কাৰণ সংগীতাৰ তন্ত্ৰ-মন্ত্ৰ বুলি সন্দেহ কৰি এই নৃশংস কাণ্ড সংঘটিত কৰা হ’ল বুলি অভিযোগ উঠিছে । আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷