Cattle Seized In Chirang:ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ

এইবাৰ ফল-মূলৰ গাড়ীৰে চোৰাং গৰুৰ সৰবৰাহ, আপেলৰ কাৰ্টুন ভৰ্তি গাড়ীৰ পৰা জব্দ সাতটাকৈ চোৰাং গৰু

cattle seized image 1

Cattle Seized In Chirang:

চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত বৰতালোৱাৰ জামতলাত ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত WB 63-8569 নম্বৰৰ চাৰিচকীয়া বলেৰো বাহন ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত গাড়ীৰ চকা খুলি যায়। লগে লগে গাড়ীৰ পৰা চালক জন পলায়ন কৰে।

তাৰ পিছতেই স্থানীয় ৰাইজৰ সন্দেহ হোৱাত কাজলগাঁও আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে উপস্থিত হৈ বাহনখন থানলৈ আনে।

বাহন খনৰ পৰা আৰক্ষীয়ে সাতটা চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে কেইবা কাৰ্টুন আপেল আৰু তিয়ঁহ জব্দ কৰে।

সম্প্ৰতি গাড়ী সহ গৰু কেইটা কাজলগাঁও থানাতে আছে। বিভিন্ন পন্থাৰে ৰাষ্ট্ৰীয় ঘাই পথত চোৰাং গৰুৰ সৰবৰাহ চলি থকা ইয়াৰ পৰাই প্ৰমানিত হয়।

Exit mobile version