NCHAC Election:16 Dissident BJP Candidates Suspended:উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

নিৰ্বাচনত অৱতীৰ্ণ ১৬ বিসম্বাদী বিজেপি প্ৰাৰ্থীক নিলম্বন ৰাজ্যিক বিজেপিৰ

nchac election

NCHAC Election:16 Dissident BJP Candidates Suspended:

পাৰ্বত্য জিলা ডিমা হাচাওৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে শাসনাধিষ্ঠ বিজেপি সহ কংগ্ৰেছ আৰু আন আন দলে ইতিমধ্যে ঘোষণা কৰিছে প্ৰাৰ্থী তালিকা ৷

ইতিমধ্যে মনোনয়নপত্ৰ দাখিলৰ পাছতে বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থীত্ব আগবঢ়োৱা কে’বা গৰাকী কংগ্ৰেছ সহ আন দলৰ প্ৰাৰ্থীয়ে মনোনয়নপত্ৰ প্ৰত্যাহাৰ কৰাত বিনা প্ৰতিদ্বন্দ্ব্বিতাৰে জয়ী হৈছে ছজনকৈ বিজেপি প্ৰাৰ্থী ৷

আনহাতে বিজেপিৰ টিকট লাভ নকৰা জিলা খনৰ কে’বাজনো বিজেপি নেতাই নিৰ্দলীয় প্ৰাৰ্থী ৰূপে নিৰ্বাচনী ৰণত অৱতীৰ্ণ হোৱাৰ পাছতে কঠোৰ হৈ পৰিছে ৰাজ্যিক বিজেপি ৷

নিৰ্দলীয় প্ৰাৰ্থী ৰূপে নিৰ্বাচনী ৰণত নমা ১৬ গৰাকী বিসম্বাদী বিজেপি প্রার্থীক নিলম্বন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।

১৬ নিলম্বিত বিসম্বাদী বিজেপি প্ৰাৰ্থী হ’ল :

জাতিংগা সমষ্টিৰ লামমেথিয়েম টিউল, মাহুৰ সমষ্টিৰ ৰাহুল নাইডিং, চিলভিয়াছ এল খজুল, হাংকম সমষ্টিৰ পি বি নেওমে, লাইচন সমষ্টিৰ পি জেমি,কালাছান্দ সমষ্টিৰ প্ৰণেন হাফলংবাৰ, ৱাজাও সমষ্টিৰ পুনুছ নুনিছা, হাতীখালী সমষ্টিৰ বিমল হোজাই আৰু হেমন্ত কেন্দ্রাই, গৰমপানী সমষ্টিৰ জয়ছিং দুৰং আৰু দুৰমেন ইংহি,দিহামালাই সমষ্টিৰ আৰ জেমি, ল’ৱাৰ খাৰৰ্থঙৰ লালৰপুই মাৰ , ২৬ নং দলং সমষ্টিৰ এছ ৰাংখ’ল, দিগেৰ সমষ্টিৰ জয়দেশ ফংলো আৰু চেমখৰ সমষ্টিৰ হেৰজিৎ জিদুঙ৷

Exit mobile version