Boko Incident:বকোৰ গাৰোজানত তীব্ৰ উত্তেজনা

জল জীৱন মিছন আচঁনিৰ নিৰ্মাণ কাৰ্যক লৈ বাধা মেঘালয় সমৰ্থকাৰীৰ, মাৰপিট মেঘালয় সমৰ্থকাৰীৰ অসমৰ সমৰ্থকাৰীৰ ওপৰত, অসমৰ চাৰিজন আহত, পাইপসহ সা সৰঞ্জাম অনিষ্ট সাধন: বন্ধ ৰাখে আঁচনিৰ কাম, নাদৰ পানী খাব অসম চৰকাৰৰ পানী নাখাই মেঘালয় সমৰ্থকাৰীয়ে ,অসম আৰক্ষীৰ সৈতেও বাক বিতণ্ডাত লিপ্ত

boko1

Boko Incident:

অসম -মেঘালয় সীমান্তৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ অসমৰ ভিতৰত থকা গাৰোজানত আজি জল জীৱন মিছনৰ আঁচনি ৰূপায়নক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। জল জীৱন মিছন আঁচনি কোনো কাৰণতে গাৰোজানত ৰূপায়ন হব নিদিয়াৰ হুংকাৰ তুলি মেঘালয় সমৰ্থকাৰী সকলে আক্ৰমণ কৰে অসমৰ সমৰ্থনকাৰীৰ ওপৰত।

অসমৰ গাঁওখনত বসবাস কৰা প্ৰায় ১০০টা পৰিয়ালৰ মাত্ৰ ১৮টা পৰিয়ালে অসমক সমৰ্থন জনাই বিগত দিন ধৰি মেঘালয়ৰ সমৰ্থকাৰীৰ শাৰিৰীক মানসিক আতিশয্যৰ বলী হৈ আহিছে।

কাৰণ অসমৰ সমৰ্থনকাৰী সকলে অসমৰ আঁচনি ৰূপায়নৰ ক্ষেত্ৰত পূৰ্ণ সমৰ্থন আগবঢ়াই আহিছে। ফলত আজি দুইটা ফৈদৰ মাজত বাক বিতণ্ডাৰ লগতে প্ৰচণ্ড মাৰপিট লাগে। মাৰপিটত অসমৰ সমৰ্থনকাৰী সঞ্জয় চাংমা, ট্ৰিবিনা মাৰাক, জেটউইন মাৰাক,চেগন মাৰাকসহ চাৰিগৰাকী লোক আঘাতপ্ৰাপ্ত হয়। গাঁওখনত বকো আৰক্ষী উপস্থিত হোৱাৰ পাছতো ক্ষান্ত নাথাকিল অসম বিদ্বেষকাৰীসকল ।

আৰক্ষীৰ সন্মুখতে মেঘালয়ৰ সমৰ্থকাৰীসহ গাঁওবুঢ়া জুনিং মাৰাক অসমৰ সমৰ্থন কাৰীৰ সৈতে বাকবিতণ্ডাত লিপ্ত হৈ হতাহতিৰ লিপ্ত হয়। আৰক্ষীৰ আগত নাদৰ পানী খাব কিন্তু অসমৰ পৰা দিয়া পানী নাখাই বুলি গাঁওখনৰ পৰা পাইপলাইন আঁতৰাই নিবলৈ কয় অসম বিদ্বেষকাৰী সকলে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মেঘালয়ৰ সমৰ্থকাৰী সহ গাওঁবুঢ়াক আলোচনাৰ বাবে আহ্বান জনাই যদিও সেই আহ্বানক সঁহাৰি নজনাই বৰঞ্চ আক্ৰমণাত্মক হৈ খাপ পিটি থকা দেখা গল গাঁওখনত। ফলত বকো আৰক্ষীৰ বৃহৎ বাহিনীৰ দল গাৰোজানত অসমীয়াৰ সুৰক্ষাত সষ্টম হৈ থাকে।

আনহাতে সন্ধিয়াৰ ভাগত অসম বিদ্বেষকাৰী সকলে হাতে হাতে লাঠি,ডেগাৰ লৈ গাঁওখনত পাইচাৰি কৰি বাটত ওলালেই অসমীয়া সকলক আক্ৰমণ কৰা লক্ষ্য কৰি লৈছিল বুলি অসমৰ সমৰ্থনকাৰী সকলে ম’বাইলৰ জড়িয়তে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। দৰাচলতে অসম চৰকাৰৰ জল জীৱন মিছনৰ অধীনত বকোত নিৰ্মাণৰত পাচীয়া পানী যোগান আঁচনিৰ কাম কৰি অৱস্থাত আজি গাৰোজানত দুটা ফৈদৰ মাজত সংঘাত লাগে।

কাৰণ অসমৰ গাৰোজানত একাংশই অসমক সমৰ্থন কৰা লগতে আন একাংশই মেঘালয়ত সমৰ্থন কৰি আহিছে। মেঘালয় সমৰ্থনকাৰী সকলে দীৰ্ঘদিন ধৰি অসমৰ গাৰোজান গাঁওখন মেঘালয়ৰ অন্তৰ্গত বুলি দাবী তুলি আহিছে । অসমৰ বায়ু পানী সেৱন কৰি অসমতে বসবাস কৰাৰ পাছতো অসমৰ ভূমিক মেঘালয়ৰ বুলি দাবী তুলি অসমীয়াক মাৰপিট কৰি আহিছে।

অসমৰ কোনো আচঁনি গ্ৰহণ নকৰে এইসকল অসম বিদ্বেষকাৰীয়ে । বকোৰ পাচীয়া পানী যোগান আচঁনিৰ জড়িয়তে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ২৫০টা পৰিয়ালক সাঙুৰি লোৱাৰ পাছত গাৰোজানত পাইপলাইন বহুৱাবলৈ পাইপসহ সা সৰঞ্জাম জমা কৰে। কিন্তু এই কাৰ্যত বাধা প্ৰদান কৰে গাৰোজানৰ মেঘালয় সমৰ্থনকাৰী সকলে।

গাওঁখনত পথৰ দাঁতিত পাইপলাইনত বহুওৱা পাইপৰ অনিষ্ট সাধন কৰা লগতে সা সৰঞ্জাম উঠাই নিয়ে মেঘালয়ৰ সমৰ্থকাৰীসকলে। ষাৰ ফলত আজি কাম বন্ধ কৰি দিবলৈ বাধ্য হৈ বিভাগীয় ভাবে। ঘটনা সন্দৰ্ভত গাৰোজানৰ অসমৰ সমৰ্থনকাৰী গাওঁবুঢ়া লাভসিং মাৰাকসহ সমৰ্থনকাৰী আশা মাৰাক,নিবোকা মাৰাক,চেগান মাৰাকে দুখ প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয়, গাঁওখনত বসবাস কৰা অসমৰ সমৰ্থনকাৰী সকলক প্ৰাণে মাৰাৰ লগতে বাসগৃহ সমূহত জুই লগাই দিয়াৰ ধমকি দি আছে অসম বিদ্বেষকাৰী সকলে ।

পুনৰ কয়, অসম আৰক্ষীয়ে অসম বিদ্বেষীসকলক একো কৰিব নোৱাৰে বুলিও হুংকাৰ প্ৰদান কৰাৰ কথা। যাৰ ফলত নিদ্ৰা হৰণ হৈছে অসমীয়া সকলৰ। অসমৰ গাঁওখনত বসবাস কৰা সৰহ সংখ্যকেই ৰাজনীতি কুচক্ৰান্তত অসমৰ ভূমিত বসবাস কৰি মেঘালয়ক সমৰ্থন কৰি গাঁওখন মেঘালয়ৰ অন্তৰ্গত বুলি দাবী তুলি আহিছে। ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানো গাৰোজানত চেপা উত্তেজনা বিৰাজমান। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় বিষয় হৈ পৰিছে।

Exit mobile version