Seven Suspected Thieves Arrested:মহানগৰ আৰক্ষীৰ জালত ৭ গভাইত চোৰ

কাঁহ- পিতলৰ সামগ্ৰী সহ বহু বস্তু উদ্ধাৰ

thief 1

Seven Suspected Thieves Arrested:

মহানগৰৰ বিভিন্ন অঞ্চলত অপৰাধমূলক কাৰ্যৰে ৰাইজক সন্তস্ত কৰি অহা সাতজন গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয় মহানগৰ আৰক্ষী ৷

গোপন খবৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে গড়চুকত অৰ্তকিতে অভিযান চলাই সাতজন গভাইত চোৰক আটক কৰে ৷ লগতে চোৰ কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ কাঁহ- পিতলৰ সামগ্ৰী সহ আন বহুটো লুট কৰি অনা মূল্যৱান সামগ্ৰী

ধৃত চোৰ কেইটা হ’ল গোলাম হুছেইন, চানিদুল ইছলাম, ৰাজাবুল ইছলাম, কাচেম আলী,মুছলিম উদ্দিন, হাছেন আলী আৰু আব্দুল হক ৷

আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা কৰিছে ধৃত চোৰ কেইটাক ৷

Exit mobile version