Japan Earthquake : নৱবৰ্ষৰ পহিলা দিনটোত ভূমিকম্পত কঁপি উঠিল জাপান

ৰিখটাৰ স্কেলত তীব্ৰতা আছিল ৭.৬, ভয়ংকৰ ছুনামীৰ আশংকা, হাই এলাৰ্ট জাৰি চৰকাৰৰ, উপকুলীয় অঞ্চলৰ পৰা লামলাকটু লৈ পলায়ন উপকুলবাসী

earthquake

Japan Earthquake :

নৱবৰ্ষৰ পহিলা দিনটোত কপি উঠিল জাপান ৷ দেশখনৰ পশ্চিমাঞ্চলত অনুভূত হোৱা ভূমিকম্পৰ ৰিখটাৰ স্কেলত  তীব্ৰতা আছিল ৭.৬ ৷ আনহাতে ভূমিকম্পৰ পাছতে জাপান সাগৰত ভয়ংকৰ ঢৌৰ সৃষ্টি হোৱাত ছুনামীৰ আংশকা কৰিছে দেশখনৰ বতৰ বিজ্ঞান বিভাগে ৷ ইশিকাৱাত তৎকালীনভাৱে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

ছুনামীৰ আশংকা কৰি ইতিমধ্যে উপকুলীয় অঞ্চলৰ আবাসী সকল প্ৰাণৰ আংশকাত লামলাকটু লৈ পলায়ন কৰিছে নিৰাপদ স্থানলৈ ৷

উল্লেখ্য যে, জাপানৰ ৰাজধানী টকিঅ’ আৰু কাণ্ট চহৰত ভূমিকম্পৰ তীব্ৰতা আছিল বেছি ৷ ভূমিকম্পৰ বাবেই জাপান সাগৰত ৫ মিটাৰ পৰ্যন্ত ঢৌৰ আশংকাৰ কৰা হৈছে ।

একেদৰে ইশিকাৱাত ভাজিমা চহৰৰ সাগৰৰ পাৰত এক মিটাৰৰো অধিক ওখ ঢৌৰ সৃষ্টি হয় । যাৰবাবে দেশ খনৰ চৰকাৰে সংশ্লিষ্ট অঞ্চলবাসীক ছুনামীৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ সাময়িকভাবে ওখ অট্ৰালিকাত আশ্ৰয় ল’বলৈ আহ্বান জনাইছে ৷ ইফালে ছুনামীৰ আশংকা কৰি মাছমৰীয়া সকলক সাগৰলৈ যোৱাত বাধাৰোপ কৰা হৈছে ৷

ভূমিকম্পত কান্ট চহৰত ৰাজপথ আৰু বহু বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হৈছে বুলি সদৰি কৰিছে চৰকাৰী সংবাদ সন্থা এনএইচকে- এ ৷

স্মতৰ্ৱ্য যে,জাপানত উচ্চ প্ৰাবল্য ভূমিকম্প হ’লেই ছুনামী হোৱাটো চিৰাচৰিত ঘটনাত পৰিণত হৈছে ৷

আনহাতে পশ্চিম জাপানত সংঘটিত হোৱা ভূমিকম্প আৰু ইয়াৰ পৰৱৰ্তী সময়ত হ’ব পৰা ছুনামীৰ আশংকা কৰি ৰাজধানী টকিঅ’স্থ ভাৰতীয় দূতাবাসে ইতিমধ্যে প্ৰবাসী ভাৰতীয় সকলৰ বাবে আগতীয়াকৈ মুকলি কৰিছে হেল্প লাইন ফোন নম্বৰ ৷

Exit mobile version