Tiger Attack In Nagaon :নগাঁৱৰ ননৈত বনৰজাৰ সন্ত্ৰাস

বাঘৰ আক্ৰমণত এজন নিহত,এজন আহত, ঢেঁকীয়াপতীয়াৰ সন্ধানত বন বিভাগৰ ড্ৰোণ ব্যৱহাৰ, সন্ত্ৰাস চলোৱা বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ চেষ্টা বনকৰ্মীৰ

tiger 2

Tiger Attack In Nagaon :

নগাঁৱত বাঘৰ আতংক ৷ ননৈৰ ভেলাইগাঁৱত দিনদুপৰতে বাঘৰ আক্ৰমণৰ বলী হ’ল এজন গঞা ৷ প্ৰকাণ্ড ঢেঁকীয়াপটেয়া বাঘৰ আক্ৰমণত থিতাতে মৃত্যু হয় আদিত্য শইকীয়া নামৰ ষাঠি বছৰীয়া বৃদ্ধজন ৷ নিজ বাসগৃহৰ চোতালত ৰ’দ লৈ থকাৰ সময়তে আক্ৰমণ কৰিছিল বাঘটোৱে ৷

আনহাতে বাঘটোৰ আক্ৰমণত সত্য ফুকন নামৰ লোক এজন গুৰুত্বৰভাৱে আহত হয় ৷ আহত সত্য ফুকনক ততাতৈয়াকৈ নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

ইতিমধ্যে বাঘৰ উপস্থিতিৰ পাছতে সমগ্ৰ অঞ্চলটোতে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ বাঘ বিচাৰি হাতে হাতে যাঠী-জোং লৈ ওলাই আহিছে ৰাইজ।

আনহাতে বাঘৰ আক্ৰমণৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত বন বিভাগৰ উচ্চস্থৰীয় বিষয়া- কৰ্মী উপস্থিত হৈ বাঘৰ সন্ধানত ড্ৰোণ ব্যৱহাৰ কৰাৰ লগতে বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ ইতিমধ্যে অনা হৈছে লোৰ পিঞ্জৰা ৷

বাঘৰ বিচৰণক লৈ শংকিত হৈ পৰিছে ননৈৰ অঞ্চলবাসী ৷

Exit mobile version