Consumers Legal Protection Forum celebrates National Youth Day:কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত ৰাষ্ট্ৰীয় যুৱ দিৱস পালন

ধঁপাত নিয়ন্ত্ৰণ আইন কঠোৰ কৰাৰ দাবীৰে প্ৰধানমন্ত্রীলৈ শতাধিক ছাত্ৰ ছাত্ৰীৰ পোষ্টাৰ প্ৰেৰণ

tabaco 1

Consumers Legal Protection Forum celebrates National Youth Day:

ৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে গুৱাহাটীত শতাধিক ছাত্র-ছাত্ৰীয়ে পোষ্টাৰ অংকন কৰি ধঁপাত নিয়ন্ত্ৰণ আইন অধিক কঠোৰ কৰিবলৈ দাবী জনায়।

গুৱাহাটীৰ নাৰেংগীৰ শংকৰদেৱ বিদ্যা নিকেতনৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে শুকুৰবাৰে ধঁপাত বিৰোধী পোষ্টাৰ অংকন কৰাৰ লগতে বিভিন্ন ধৰণৰ শ্লোগান লিখি কঠোৰ আইনৰ জৰিয়তে যুৱ প্ৰজন্মক ধঁপাত ব্যৱহাৰৰ ভয়াবহতাৰ পৰা ৰক্ষা কৰিবলৈ দাবী জনায়।

কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসম আৰু কনজিউমাৰ ভয়েছ, নতুন দিল্লীৰ উদ্যোগত আয়োজিত পোষ্টাৰ অংকন প্ৰতিযোগিতাত অংশ লোৱা ছাত্র-ছাত্ৰী সকলে ধঁপাত বিৰোধী পোষ্টাৰ বিলাক হাতে হাতে লৈ ধঁপাত ব্যৱহাৰৰ ফলত সন্মুখীন হোৱা শৈক্ষিক, শাৰীৰিক আৰু মানসিক ক্ষতিৰ ভয়াবহতা পৰা যুৱ প্ৰজন্মক ৰক্ষা কৰি এখন বিকশিত আৰু সুস্থ ভাৰত গঢ়াৰ বাবে আইন প্ৰণেতা সকলক আহ্বান জনায়। বিজয়ী প্ৰতিযোগী সকলৰ মাজত পুৰস্কাৰ বিতৰণৰ পাছত ছাত্ৰ-ছাত্ৰী সকলে অংকন কৰা পোষ্টাৰ বিলাক প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হয়।

প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি বিদ্যালয় চৌহদত অনুষ্ঠিত এক সভাত উপস্থিত থাকি নাৰেংগীৰ শংকৰদেৱ বিদ্যা নিকেতনৰ উপ আচাৰ্য সন্ধ্যৰাণী চমুৱাই প্ৰতিজন ছাত্র-ছাত্ৰীকে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী ব্যৱহাৰৰ পৰা সমগ্ৰ জীৱন আঁতৰি থাকিবলৈ আহ্বান জনাই কয় – ধঁপাত ব্যৱহাৰৰ ফলত বিভিন্ন ধৰণৰ ভয়াবহ কৰ্কট, হাওঁফাঁও আৰু হৃদজনীত ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে।

বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয় – শেহতীয়া সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰত ধঁপাত ব্যৱহাৰকাৰী দেশ হিচাপে দ্বিতীয় স্থানত আছে। দেশৰ ১৩ৰ পৰা ১৫ বছৰৰ ভিতৰৰ ছাত্র-ছাত্ৰীৰ এক পঞ্চমাংশই ধঁপাত সেৱন কৰে।

ধঁপাত নিয়ন্ত্ৰণ আইন অধিক কঠোৰ কৰিলেহে ধঁপাতৰ ব্যৱহাৰ বর্তমানৰ তুলনাত বহু শতাংশ হ্ৰাস পাব বুলি বিশ্ব স্বাস্থ্য সংস্থাই স্পষ্ট কৰি দিছে। অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট সমাজকৰ্মী সুভাষ ডেকাই ধঁপাত ব্যৱহাৰৰ অপকাৰীতা সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী সকলক বিস্তৃতভাৱে অৱগত কৰাৰ লগতে ধঁপাত সেৱনৰ পৰিমাণ যে কিমান ভয়াবহ সেই বিষয়ে নিজৰ ভাষণত বিস্তৃত ভাৱে উল্লেখ কৰে। ইয়াৰ পূৰ্বে বিজয়ী ছাত্ৰ-ছাত্ৰীৰ মাজত বঁটা বিতৰণ কৰা হয়।

Exit mobile version