Bhugali Fish:পুনৰ অসমীয়াৰ পদূলিত ভোগালীঃ ৰাজ্যজুৰি প্ৰস্তুতি তুংগতঃস্বনিৰ্ভৰশীলতাৰ দাবীৰ বিপৰীতে বহিঃৰাজ্যৰ মাছেৰে ভৰিছে অসম

গংগাৰ আৰি-বৰালি-চিতলে সাজু উৰুকাৰ বজাৰ, উৰুকাৰ চাহিদা পূৰাবলৈ গুৱাহাটীলৈ বিহাৰ-দিল্লী-অন্ধ্র-মধ্যপ্ৰদেশৰ আহিছে প্ৰায় ৩৭শ কুইণ্টল মাছ

fish

Bhugali Fish:

শীতৰ বোকোচাত উঠি ভোগৰ সম্ভাৰ লৈ পুনৰ অসমীয়াৰ পদূলিত উপস্থিত হৈছে ভোগালী। আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতে বাপতি সাহোন ভোগালী বিহুক আদৰিবলৈ ৰাজ্যজুৰি চলিছে প্রস্তুতি। গ্রামাঞ্চলৰ সমান্তৰালভাৱে নগৰ অঞ্চলসমূহতো ভোগালীক আদৰাৰ প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে। গুৱাহাটী মহানগৰীতো ভোগালীক কেন্দ্ৰ কৰি উথপথপ পৰিৱেশৰ সৃষ্টি হৈছে বজাৰ।

দেওবাৰে মাঘৰ উৰুকা আৰু এই উৰুকাক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ৰাজধানী মহানগৰীতো চলিছে প্রস্তুতি। মহানগৰীৰ বিভিন্ন পথ, উপ-পথ, বজাৰসমূহ উভৈনদী হৈ পৰিছে ভোগালীৰ খাদ্য সম্ভাৰেৰে। এফালে, থলুৱা সামগ্ৰীৰ ভোগালীৰ বজাৰ উভৈনদী হৈ পৰাৰ বিপৰীতে ৰাজ্যখনত মাছৰ চাহিদা পূৰণ কৰিবলৈ বহিঃৰাজ্যৰ পৰা আহিছে কুইণ্টলে কুইণ্টলে মাছ

উল্লেখ্য যে পৰম্পৰা ৰক্ষা কৰি মাঘৰ উৰুকাৰ দিনটোত ৰাজ্যত মাছৰ ব্যাপক চাহিদা আছে। যাৰ পৰিপ্ৰেক্ষিতত উৰুকাৰ বজাৰ মাছৰ বজাৰৰ চাহিদা পূৰণ কৰিবলৈ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ট্রাক-ৰেলযোগে অন্ধ্রপ্রদেশ, মধ্যপ্রদেশ, বিহাৰ, পশ্চিমবংগ, হায়দৰাবাদ, দিল্লী, ছেকেন্দ্ৰাবাদৰ পৰা আহিছে কুইণ্টলে কুইন্টলে মাছ। কেৱল গুৱাহাটী মহানগৰীলৈ বহিঃৰাজ্যৰ পৰা আমদানি কৰা হৈছে কমেও ৩৭শ কুইণ্টল মাছ।

বৃহত্তৰ গুৱাহাটী পাইকাৰী মাছ বেচা-কিনা সমিতিয়ে সদৰী কৰা অনুসৰি উৰুকা বজাৰক লক্ষ্য কৰি ইতিমধ্যে অন্ধ্রপ্রদেশ আৰু মধ্যপ্ৰদেশৰ পৰা আহি পাইছে ৩০ ট্রাক মাছ। প্রতিখন ট্রাকত ১২ হেজাৰ কিলোগ্রামকৈ মাছ আহিছে অর্থাৎ প্রায় ৩৬শ কুইণ্টল মাছ আহিছে। ইয়াৰ উপৰি ৰেলযোগে বিহাৰ, দিল্লী, হায়দৰাবাদ, ছেকেন্দ্ৰাবাদ আদিৰ পৰা আহিছে প্রায় ২০০ কার্টন মাছ।

ইয়াৰ প্ৰতিটো কার্টনত ৪০-৫০ কিলোগ্রামকৈ মাছ আছে। সর্বমুঠ প্রায় ৩৭ শ কুইণ্টল মাছ বহিঃৰাজ্যৰ পৰা আহিছে আৰু এই মাছসমূহ গুৱাহাটীক কেন্দ্ৰ কৰি ১০০ কিলোমিটাৰ ব্যাসার্ধত বিক্ৰী কৰা হ’ব ।

আনহাতে, উৰুকাৰ মাছৰ বজাৰ বুলি ক’লে মহানগৰীৰ উজানবজাৰৰ মাছৰ বজাৰ উল্লেখযোগ্য আৰু প্ৰতি বছৰে এই বজাৰত মাছৰ বিশেষ আকর্ষণ থাকে। এইবাৰে ভোগালীৰ উৰুকাৰ বজাৰত বিশেষ আকর্ষণ গংগা নদীৰ বৰালি, আৰি,চিতল মাছ।চাহিদা অনুপাতে অসমে মৎস্য উৎপাদনত স্বনিৰ্ভৰশীল-মীন বিভাগৰ দাবীৰ বিপৰীত ছবি ।

আনহাতে, চাহিদা অনুপাতে অসমে মৎস্য উৎপাদনত স্বনিৰ্ভৰশীল আৰু শেহতীয়াকৈ অসমৰ মাছ চুবুৰীয়া পাহাৰীয়া ৰাজ্য কেইখনলৈ ৰপ্তানি হয় বুলি মীন বিভাগে কৰি অহা দাবীৰ বিপৰীত ছবিয়ে আত্মনিৰ্ভৰ অসমক লৈ পুনৰ এক প্ৰশ্নৰ অৱতাৰণা কৰিছে। মীন বিভাগৰ বিষয়া ড° ধ্ৰুৱজ্যোতি শৰ্মাই সদৰী কৰা অনুসৰি, ২০২২-২০২৩ বিত্তীয় বর্ষত অসমত ঘৰুৱা মাছৰ উৎপাদন আছিল ৪.৪৩ লাখ মেট্রিক টন।

২০২৩-২৪ৰ ঘৰুৱা উৎপাদন মাছত স্পষ্ট হ’ব বুলি তেওঁ উল্লেখ কৰি বিগত বৰ্ষৰ তুলনাত বৃদ্ধি পোৱা বুলি দাবী কৰে। ইয়াৰ বিপৰীতে অসমত মুঠ মাছৰ চাহিদা প্রায় ৫.০৭ লাখ মেট্রিকটন বুলি তেওঁ সদৰী কৰি চলিত বৰ্ষত চাহিদা অনুপাতে অসমে মাছ উৎপাদন কৰিবলৈ সক্ষম হৈছে বুলি কয়।

কিন্তু মীন বিভাগৰ দাবীৰ বিপৰীতে এই ব্যৱসায়ৰ লগত জড়িতসকলে যদি চাহিদা অনুপাতে মাছৰ উৎপাদন থাকিলহেঁতেন, নিজৰ বিহুটোত এইদৰে বহিঃৰাজ্যৰ পৰা মাছ আমদানি কৰিবলগীয়া নহ’লহেঁতেন বুলি মন্তব্য কৰি কথা আৰু কামৰ মাজত পাৰ্থক্য থকাৰ বাবে আজিৰ অসমৰ এই অৱস্থা বুলি মন্তব্য কৰে।

Exit mobile version