Prostitution Bases Dismantled In Golaghat :ৰাইজৰ অভিযানত উৎখাত দেহ ব্যৱসায়ৰ ঘাটি

golaghat

Prostitution Bases Dismantled In Golaghat :

আৰক্ষীৰ সক্ৰিয়তাৰ বিপৰীতে এইবাৰ ৰাইজেই নামিল অসামাজিক কাৰ্যৰ বিৰুদ্ধে ৷গোলাঘাট চহৰৰ পূব আমোলাপাট্টিত ৰাইজে অৰ্তকিতে অভিযান চলাই উৎখাত কৰিলে দেহ ব্যৱসায়ৰ ঘাটি।

ডিম্বেশ্বৰ গগৈ পথৰ কাষৰ আৰ বি হোমষ্টে নামৰ প্ৰতিষ্ঠানটোত যুৱতী- যুৱতীয়ে বাহৰ পাতি অসামাজিক কামত জড়িত থকাৰ সম্ভেদ লাভ কৰি একাংশ ৰাইজে উপস্থিত হৈ দেহ ব্যৱসায়ৰ ঘাটি উৎখাত কৰাৰ লগতে উদ্ধাৰ কৰে এহাল যুৱক- যুৱতীক ৷

দুয়োকে ৰাইজে উত্ত্যম মাধ্যম শোধাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ অৱশ্যে পাছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ আৰক্ষীয়ে ধৃত যুৱক-যুৱতীহালক আটক কৰি থানালৈ লৈ যায় ৷

আনহাতে ৰাইজৰ অভিযানৰ আগতীয়াকৈ উমান পাই পলায়ন কৰে প্ৰতিষ্ঠানটোৰ আন একাংশ যুৱক- যুৱতী ৷

Exit mobile version