Myanmar Border Town Captured By Rebels:ম্যানমাৰৰ সীমান্তৱৰ্তী চহৰ বিদ্ৰোহীৰ দখলত

শংকা ৰোহিংগ্যাৰ বাদী অনুপ্ৰৱেশৰ

myanmar

Myanmar Border Town Captured By Rebels:

ভাৰত আৰু বাংলাদেশৰ স’তে বাণিজ্যিক সম্পর্ক স্থাপনত অগ্রণী ভূমিকা গ্রহণ কৰা ম্যানমাৰৰ সীমান্তৱতী চহৰ পালেতাৱাৰ দখল কৰিলে বিদ্রোহী গোটে

ৰাষ্ট্ৰখনৰ ৰাখাইন প্রদেশৰ অন্তৰ্গত কালাদান নদীৰ পাৰত থকা এই চহৰখনে ভাৰতৰ স’তেও মূলতঃ বাণিজ্যিক সম্পর্ক স্থাপনত গুরুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। স্বাভাৱিকতে এই চহৰখনৰ বিদ্ৰোহী বাহিনীয়ে দখল কৰাৰ ফলত ম্যানমাৰৰ সামৰিক জুণ্টা চৰকাৰ আৰ্থিক আৰু বাণিজ্যিক দিশেৰে ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা প্রবল হৈছে।

উল্লেখ্য যে বিদ্রোহী গোটে সীমান্তবর্তী চহৰখন দখল কৰাৰ ফলত ম্যানমাৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ শৰণাৰ্থীৰ অনুপ্ৰৱেশৰ আশংকা ঘনীভূত হৈছে। ম্যানমাৰৰ তিনিটাকৈ বিদ্রোহী সংগঠন ক্রমে টাং নেচনেল লিবাৰেচন আর্মি (টিএনএলএ), আৰাকান আর্মি (এএএ) আৰু ম্যানমাৰ নেচনেল ডেমক্রেটিক এলায়েন্স আর্মি (এমএনডিএএ)ৰ সম্মিলিত সংগঠন ‘ব্রাডাৰহুড এলায়েন্স’-এ যোৱা নৱেম্বৰৰ পৰা ম্যানমাৰৰ সামৰিক জুণ্টা চৰকাৰৰ বিৰুদ্ধে আকস্মিক অভিযান আৰম্ভ কৰিছিল।

সংগঠনটোৱে এই অভিযানৰ নাম দিছিল অপাৰেচন ১০২৭। বিদ্রোহী সংগঠনকেইটাই চলোৱা সেই আকস্মিক আক্রমণত থৰকাছুটি হেৰুৱাইছিল ম্যানমাৰৰ শাসকীয় জুন্টা সেনাই। বহু সেনা জোৱানে আনকি আত্মসমর্পণ কৰি ভাৰত ভূমিত প্ৰৱেশ কৰিছিল।

বিদ্রোহী সংগঠনকেইটাৰ ধাৰাবাহিক আক্রমণত ইতিমধ্যে ম্যানমাৰৰ এক বৃহৎ অঞ্চলৰ পৰা উচ্ছেদিত হৈছে ম্যানমাৰ সেনা। বিশেষকৈ উত্তৰ আৰু উত্তৰ-পশ্চিম ম্যানমাৰৰ চান, চিন আৰু চাগিয়ান প্রদেশৰ পৰা সামৰিক বাহিনীক খেদি পঠাবলৈ সক্ষম হৈছে বিদ্রোহী সংগঠনকেইটাই। তাৰপাছতে এইবাৰ বিদ্ৰোহীৰ আক্ৰমণ আৰম্ভ হ’ল পশ্চিম ম্যানমাৰৰ ৰাখাইন প্রদেশত।

লক্ষ্যণীয় যে ম্যানমাৰৰ বিদ্ৰোহী সংগঠনকেইটাই দখল কৰা এই অঞ্চলটো ৰোহিংগ্যা ভূমি নামেৰেও পৰিচিত। ৰাখাইনৰ কে’বাটাও উগ্রপন্থী সংগঠনেও আনকি এই ক্ষেত্ৰত ব্ৰাডাৰহুড এলায়েন্সৰ প্ৰতি সমর্থন আগবঢ়াই জুন্টা বিৰোধী যুঁজত চামিল হৈছে।

স্বাভাৱিকতে এই সম্মিলিত শক্তিয়ে অঞ্চলটোৰ পৰা জুন্টা সেনাক সম্পূর্ণৰূপে খেদি পঠাবলৈ সক্ষম হয়। ইয়াৰ পাছতে সংগঠনটোৱে এক বিবৃতিযোগে ভাৰত সীমান্তৱর্তী পালেতাৱাৰ চহৰৰ প্ৰশাসন আৰু আইন-শৃংখলাৰ ৰক্ষাৰ দায়িত্ব এতিয়াৰে পৰা বিদ্রোহী সংগঠনকেইটাই পৰিচালনা কৰিব বুলি দাবী কৰে।

উল্লেখ্য যে সীমান্তৱর্তী এই বাণিজ্যিক চহৰখন দখলৰ পাছত বিদ্রোহী সংগঠনকেইটাই সমগ্র ৰাখাইন প্রদেশ নিজৰ দখললৈ অনাৰ বাবে চেষ্টা চলালে অদূৰ ভৱিষ্যতে অঞ্চলটোৰ পৰা ৰোহিংগ্যা শৰণাৰ্থীয়ে আত্মৰক্ষাৰ বাবে ভাৰতত অনুপ্ৰৱেশ কৰাৰ সম্ভাৱনা প্রবল হৈছে।

Exit mobile version