Rahul Gandhi’s ‘Bharat Jodo Nyay Yatra’ Starts in Assam:আজিৰ পৰা অসমত আৰম্ভ ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’

নাগালেণ্ড পৰা অসমৰ আমগুৰিত প্ৰৱেশ কৰিব ৰাহুলৰ যাত্ৰাই, মণিপুৰৰ পৰা আহি নগালেণ্ডত প্ৰৱেশ ভাৰত জোড়ো ন্যায় যাত্রা, ঘৃণাৰ হিন্দুস্তান নিবিচাৰো, মই মোেৰ ধৰ্মৰ পৰা লাভ উঠাব বিচৰা নাই

rahul 1

Rahul Gandhi’s ‘Bharat Jodo Nyay Yatra’ Starts in Assam:

যিয়ে সঁচাই ধর্মক মানে, তেওঁ ধৰ্মৰ লগত ব্যক্তিগত সম্পর্ক ৰাখে। তেওঁ নিজৰ জীৱনতহে ধৰ্মৰ প্ৰয়োগ কৰে; কিন্তু যিয়ে ধৰ্মৰ লগত ৰাজহুৱা সম্পৰ্ক ৰাখে, তেওঁ ধৰ্মৰ পৰা লাভ অর্জন কৰিব বিচাৰে।’

ৰাম মন্দিৰৰ উদ্বোধনক লৈ অব্যাহত ব্যাপক প্ৰচাৰৰ সময়তে এই মন্তব্য কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। তেওঁ পুনৰ কয়, ‘ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা কাৰ্যসূচী আৰএছএছ, বিজেপিৰ নিৰ্বাচনী আৰু ৰাজনৈতিক কাৰ্যসূচীহে। সেয়েহে কংগ্রেছে এই কার্যসূচীত অংশগ্রহণ নকৰিবলৈ সিদ্ধান্ত লৈছে।

তেওঁ কয়, ‘২২ জানুৱাৰীৰ কাৰ্যসূচীত কংগ্ৰেছে অংশগ্রহণ কৰাটো আমাৰ বাবে কঠিন কিয়নো সেয়া হ’ল মোদীৰ কাৰ্যসূচী। বিজেপিয়ে সকলো কার্যসূচী আৰু উন্নয়নমূলক কাম-কাজকে ধৰি ধর্মীয় কার্যসূচীতো কেবল নির্বাচনী ৰং বিয়পাই, দিয়ে।

আনকি হিন্দু ধর্মীয় নেতায়ো এতিয়া ২২ জানুৱাৰীৰ কার্যসূচীত ৰাজনীতি আৰু সমাগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ একাকাৰ কৰাৰ বাবে প্রশ্ন তুলিছে।’ ১৪ জানুৱাৰীত মণিপুৰৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অংশৰূপে মঙলবাৰে আহি নগালেণ্ডত প্ৰৱেশ কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এক সংবাদমেলত ধৰ্মৰ পৰা তেওঁ লাভ উঠাব বিচৰা নাই বুলি মন্তব্য কৰি কয়, ‘মই মোৰ ধৰ্মৰ পৰা লাভ উঠাব বিচৰা নাই; কিন্তু মই মোৰ ধৰ্মৰ বিচাৰেৰে জীৱনটো কটাবলৈ চেষ্টা কৰিছো। মই ৰাইজক সম্মান কৰো, কোনোবাই কিবা ক’লে অহংকাৰ নেদেখুৱাই তেওঁৰ কথা শুনিবলৈ যত্ন কৰো, ধৰ্মৰ নামত ঘৃণা বিয়পাই নিদিওঁ। এয়াই মোৰ বাবে হিন্দু ধর্ম।

এই নীতিকে মোৰ জীৱনত পালন কৰো। কিন্তু ইয়াক মোৰ চোলাত। লগাই লোৱাৰ প্ৰয়োজন নাই। যিসকলে ধৰ্মৰ লগত ব্যক্তিগত জীৱনত ৰাখিব নিবিচাৰে তেওঁলোকে ধর্মক ছাৰ্টত পিন্ধাৰ প্রয়োজনবোধ কৰে।’

সংবাদমেলত কংগ্ৰেছৰ যুৱৰাজজনে তেওঁৰ প্ৰথমটো ভাৰত জোড়ো যাত্ৰাৰ প্ৰসংগ উনুকিয়াই কয় যে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ তেওঁৰ ভাবত জোড়ো যাত্ৰাৰ সময়ত সমগ্র দেশতে ব্যাপক সঁহাৰি লাভ কৰিছিল। তেতিয়াই বহুতে কৈছিল দেশৰ পূব আৰু পশ্চিম প্রান্তত সংযোগ কৰি এটা যাত্রা হ’ব লাগে আৰু সেয়েহে সেয়া ভাৰত জোড়ো ন্যায় যাত্রা।

এই ন্যায় সামাজিক ন্যায়, আর্থিক ন্যায় আৰু ৰাজনৈতিক ন্যায়। মণিপুৰত মই মোৰ যাত্ৰা আৰম্ভ কৰিছিলো কাৰণ মণিপুৰৰ প্ৰতি ব্যাপক অন্যায় হৈছে। হিন্দুস্তানৰ ইতিহাসত এনেদৰে প্ৰথমবাৰলৈ মাহৰ পাছত মাহ ধৰি হিংসা চলিছে।

বহু লোকৰ প্রাণহানি ঘটিছে, বহুতো ধন-সম্পদ বিনষ্ট হৈছে। কিন্তু প্রধানমন্ত্রী আৰু বিজেপি নেতৃত্ব মণিপুৰলৈ নগ’ল। অন্ততঃ প্রধানমন্ত্রীয়ে মণিপুৰ ভ্ৰমণ কৰাৰ প্ৰয়োজন আছিল। মণিপুৰ ভ্ৰমণ সামৰি আমি নগালেণ্ডত প্ৰৱেশ কৰিছো। প্রধানমন্ত্রীয়ে নগালেণ্ডৰ ক্ষেত্ৰতো ব্যাপক অন্যায় কৰিছে। নগাসকলৰ স’তে চুক্তি স্বাক্ষৰ কৰি দিয়া বিভিন্ন প্রতিশ্রুতি আজি পালন নকৰিলে প্রধানমন্ত্রীয়ে। এয়াই অন্যায়।’

কংগ্রেছসহ বিৰোধী ৰাজনৈতিক দলসমূহৰ সন্মিলিত মঞ্চ ইণ্ডিয়াৰ এয়া এক ৰাজনৈতিক যাত্রা নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ নেতাজনে কয় যে দেশৰ ৰাজনীতিত ইণ্ডিয়া মর্চাই এক সবল স্থিতিত আৰোহণ কৰিছে। কিন্তু ভাৰত জোড়ো ন্যায় যাত্রা হ’ল এক আদর্শগত যাত্রাহে।

তেওঁ কয় যে নিৰ্বাচনৰ সময়ত তেওঁ নির্বাচনী প্রচাৰত অংশ ল’ব কিন্তু বর্তমান এয়া হ’ল এক বিচাৰধাৰাৰ যাত্রা। ইণ্ডিয়া মর্চাই নির্বাচনত সঠিকভাবে যুঁজ দি বিজয়ী হ’ব বুলি মন্তব্য কৰি কংগ্রেছ নেতাজনে কয় যে ইণ্ডিয়া মৰ্চাৰ অংশীদাৰ দলসমূহৰ মাজত আসনৰ ভাগ-বাটোৱাৰাৰ বিষয়ত আলোচনা পূর্ণ গতিত চলি আছে আৰু সঠিক সময়ত মিত্রদলসমূহৰ মাজত নির্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ বাবে উমৈহতীয়া ৰণকৌশল চূড়ান্ত হ’ব।

তেওঁ পুনৰ কয়, ‘আমি এখন খণ্ডিত ভাৰত নিবিচাৰো। আমি ঐক্যবদ্ধ ভাৰত বিচাৰো য’ত ঘৃণা নাথাকে। দলিত, অনুসূচিত জাতি, অবিচি আদি সকলো শ্ৰেণীৰ লোকেই যাতে অৱমাননাৰ বলি নহয়।’ বিজেপিয়ে হিংসা-ঘৃণাৰ ৰাজনীতি কৰে বুলি অভিযোগ কৰি কংগ্ৰেছ নেতাজনে কয়, ‘আমি ঘৃণাভৰা হিন্দুস্তান নিবিচাৰো, শান্তিৰ বাতাবৰণ বিচাৰো। বিজেপিৰ ঘৃণাভৰা হিংসাৰ যি মডেল তাত অন্যায়ৰ মডেলো আছে। দুই-তিনিজন উদ্যোগপতিক দেশৰ সমূহ ধন আদায় দিয়া হয়।

ইয়াৰ বিপৰীতে পিছপৰা শ্ৰেণীৰ লোকসকলে উন্নয়নৰ ধাৰাৰ পৰা বঞ্চিত হয়। দেশত যি ধৰণৰ অন্যায় হৈ আছে সেই অন্যায়ৰ লগত ঘৃণাৰ সম্পৰ্ক আছে। যাৰ ফলত বিজেপিৰ কাৰ্যকালত অন্যায় আৰু হিংসা দিনকদিনে বৃদ্ধি পাই আছে।’

উল্লেখ্য যে অহা ২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠাৰ দিনা ৰাহুল গান্ধীৰ কাৰ্যসূচী কি হ’ব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘ভাৰত জোড়ো ন্যায় যাত্ৰাৰ এটা নির্দিষ্ট পথ নিৰ্ণয় কৰা হৈছে, সেই পথৰে আমি অগ্ৰসৰ হ’ম। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা অসমত থাকিম আৰু উক্ত দিনাও যাত্রা অব্যাহত থাকিব।’

উল্লেখ্য যে দেশৰ ১৫ খন ৰাজ্যৰ এশটা লোকসভা সমষ্টিক সামৰি আৰম্ভ হোৱা ৬,৭০০ কিলোমিটাৰ দৈৰ্ঘৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অংশৰূপে মঙলবাৰে নগালেণ্ডত প্ৰৱেশৰ পাছত কংগ্ৰেছ নেতাজনে ৰাজ্যখনৰ জ্যেষ্ঠ নাগৰিকসকলৰ স’তে এক আলোচনাত মিলিত হয়। এই সাক্ষাৎকাৰত নাগা হো হোৰ প্রতিনিধি দল এটাও ৰাহুল গান্ধীৰে আলোচনাত বহি বিভিন্ন বিষয় সামৰি আলোচনা কৰে ৷ আনহাতে কংগ্ৰেছৰ শীৰ্ষ নেতাজনে নগা যুৱক- যুৱতীৰে মতবিনিময় কৰি সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হয় ৷ নিশাটো ৱাখাত কটাই আজি অসম অভিমুখে ৰাওনা হয় কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গৰাকী ৷

নাগালেণ্ড পৰা অসমৰ আমগুৰিত প্ৰৱেশ কৰিব ‘ভাৰত জোড়ো ন্যায় যাত্ৰাই। আমগুৰিৰ পৰা মৰিয়নি, যোৰহাট হৈ ১৯ জানুৱাৰীত ৰাহুল গান্ধীৰ এই যাত্ৰাই প্ৰৱেশ কৰিব সত্ৰ নগৰী মাজুলীত ৷ নিশাটো মাজুলীত কটাই ২০ জানুৱাৰীত ধেমাজীৰ ঢকুৱাখনা হৈ গোগামুখত নৈশযাপন কৰিব কংগ্ৰেছৰ যুৱৰাজ গৰাকীয়ে

উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ইতিমধ্যে ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ বাবে সাজু হৈছে । মাজুলীত বাহৰ পাতিছে এপিচিচিৰ এটা দল ৷নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে কংগ্ৰেছৰ শীৰ্ষ নেতা গৰাকীক মাজুলীৰ সত্ৰ পৰিদৰ্শন আৰু সত্ৰাধিকাৰৰে মতবিনিময় কৰাৰ বাবে আগতিয়াকৈ সত্ৰাধিকাৰ সকলৰ স’তে সাক্ষাতৰ সময় লৈ থৈছে ।

ৰাহুলৰ ন্যায় যাত্ৰাক লৈ সাংসদ প্ৰদ্যুৎ বৰদলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘মাজুলীলৈ চৰকাৰে ফেৰী নিদিলে, নাৱেৰে যাব ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ জনসভাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে চৰকাৰে। মহিলাসকলক বিভিন্ন আঁচনিৰ লোভ দি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। ।

মনকৰিবলগীয়া যে, কংগ্ৰেছৰ যুৱৰাজ গৰাকীয়ে অসমত ১৭দিনকৈ ভাৰত জোড়ো ন্যায় যাত্ৰা অব্যাহত ৰাখি ২৫ জানুৱাৰীত বঙাইগাঁৱৰ পৰা ধুবুৰী-বক্সিহাটহৈ চুবুৰীয়া পশ্চিম বংগত প্ৰৱেশ কৰিব ৷

Exit mobile version