Ankita Dutta:ন্যায় বিচাৰি ধৰ্ণাত বহা অংকিতাত সাক্ষাৎ নকৰিলে ৰাহুল গান্ধীয়ে

ক্ষোভিত অংকিতই ক'লে,এইয়া ন্যায় যাত্ৰা নহয়,অন্যায় যাত্ৰাহে

ankita dutta

Ankita Dutta:

কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে মণিপুৰৰ আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাই ইতিমধ্যে মণিপুৰ আৰু নাগালেণ্ড অতিক্ৰম কৰাৰ পাছত আজি দুপৰীয়া ভাগত উপস্থিত হয় আমগুৰিত।

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গৰাকী অসমত প্ৰৱেশৰ পাছতেই আমগুৰি হালোৱাটিঙত স্থানীয় কংগ্ৰেছ কমিটিয়ে জনায় উস্ম আদৰণি। ইয়াৰ পাছত আমগুৰিত এক ৰাজহুৱা সভা সম্বোধন কৰে কংগ্ৰেছ নেতা গৰাকীয়ে।

আনহাতে ৰাহুল গান্ধীৰ এই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজতে আমগুৰিত ন্যায় বিচাৰি অৱস্থান ধৰ্মঘটত বহে নিলম্বিত যুৱ কংগ্ৰেছী নেত্ৰী অংকিতা দত্তই।বিশেষকৈ ন্যায় যাত্ৰাৰ পূর্বে প্ৰাক্তন কংগ্ৰেছ নেত্ৰী অংকিতা দত্তই ন্যায় বিচাৰি কৰা প্ৰতিবাদে ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ কংগ্ৰেছৰ পৰা বহিস্কাৰ কৰাৰ ন্যায় বিচাৰি এই প্ৰতিবাদ সাৱ্যস্ত কৰিছে ৷

আনকি অংকিতা দত্তই ন্যায় যাত্ৰাৰ বেনাৰত ৰাহুল গান্ধী আৰু নিজৰ ফটো সংলগ্ন কৰি ন্যায় বিচৰা পৰিলক্ষিত হৈছে ৷ আমগুৰিৰ বিভিন্ন প্ৰান্তত লগোৱা বেনাৰত অংকিতাই লিখিছে, “মহিলাসকলে প্ৰতিদিনে সন্মুখীন হোৱা অন্যায়ত আপুনি ভাগৰি পৰিছেনে ?”

প্ৰয়াত অঞ্জন দত্তৰ দুহিতা অংকিতা দত্তই দলৰ শীৰ্ষ বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, ১০মাহ ধৰি বনবাস খটাৰ পাছতো নাপালো ন্যায়। সেয়ে ন্যায় আশা কৰিছিল ৰাহুল গান্ধীৰ পৰা। তেওঁ কয় যে, ন্যায় বিচৰাৰ পাছত মোক কংগ্ৰেছে নিলম্বন কৰিছিল। কিন্তু মই সদায় দলৰ হৈয়ে কাম কৰি গৈছো।

ইপিনে, অংকিতা দত্তই ৰাহুল গান্ধীক সাক্ষাৎ কৰিবলৈ চেষ্টা কৰিছিল যদিও  বিমুখ কৰে ৰাহুল গান্ধীয়ে। যাৰ বাবে আবেগিক হৈ কান্দোনত ভাগি পৰি কয়,এই ন্যায় যাত্ৰাতে মই ন্যায় পাম বুলি আশাবাদী আছিলো ৷ কিন্ত মোক বিমুখ কৰিলে ৷

এনেক্ষেত্ৰত মই পতিয়ন গ’লো ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা আচলতে অন্যায় যাত্ৰা ৷

আনহাতে,অংকিতাক ৰাহুল গান্ধীয়ে সাক্ষাৎ নিদিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে,- অংকিতা দত্তই মহাভুল কৰিছে। তেওঁ আমাৰ কথা নুশুনি মুখ্যমন্ত্ৰীৰ কথা শুনিছিল। গতিকে তেওঁ ন্যায় কোনে দিব ৷

একেদৰে কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কয়,অংকিতা দত্তই এই সকলো কাম শাসকীয় পক্ষৰ প্ৰৰোচনাত কৰিছে ৷

Exit mobile version