CM Vigilance arrested Sukanya Bara: নিলম্বিত এচিএছ সুকন্যা বৰাক অৱশেষত গ্ৰেপ্তাৰ চি এম ভিজিলেন্সৰ

আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ সুকন্যা বৰাক, আঠ বছৰ চাকৰি কৰি ১০ কোটিতকৈয়ো অধিক সম্পত্তি

sukannya 1

CM Vigilance arrested Sukanya Bara:

আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰত অৱশেষত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিলে দুর্নীতিগ্ৰস্ত এচিএছ বিষয়া সুকন্যা বৰাক । ইতিপূৰ্বে কে’বাবাৰো
মাৰাথন জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে চি এম ভিজিলেঞ্চ ।

উল্লেখ্য যে ,ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ধন আত্মসাৎ গোচৰত নাম সাঙোৰ খাইছিল কামৰূপৰ অতিৰিক্ত উপায়ুক্ত সুকন্যা বৰা৷ ইয়াৰ পাছতে চি এম ভিজিলেন্সে তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰি তেওঁৰ সম্পত্তিৰ পাহাৰ দেখি তবধ মানে ৷

অগাধ সা-সম্পত্তিৰ তথ্য লাভ কৰি কেনেকৈ চাকৰি জীৱনৰ মাত্ৰ আঠ বছৰৰ ভিতৰতে ১০ কোটিৰো অধিক টকাৰ সম্পত্তিৰ গৰাকী হৈছিল । তাৰ সমস্ত তথ্য ক্ষীপতাৰে অনুসন্ধান কৰে তদন্তকাৰী সন্থাটোৱে ৷

গুৱাহাটী আৰু মৰিগাঁৱত সুকন্যাৰ আছে অগাধ সম্পত্তি ৷ দিছপুৰৰ অতি ঘনিষ্ঠ বিষয়াৰ আৰ্শীবাদত কম সময়ৰ ভিতৰত আত্মসাৎ কৰিছিল কে’বাকোটি টকা ৷

প্ৰাপ্ত খবৰ অনুসৰি মহানগৰীৰ দক্ষিণ শৰণীয়াৰ পৈতিৃক সম্পত্তিৰ লগতে জয়ানগৰত সুকন্যা বৰাৰ বিলাসী টেণ্ট হাউচ আছে ৷ একেদৰে মহানগৰীৰ চাৰি ঠাইত সুকন্যাৰ কোটি টকীয়া মাটি আৰু বিলাসী ফ্লেট ৷

আনহাতে কামৰূপ গ্ৰাম্য জিলাৰ সদৰ আমিনগাঁৱতো আছে বহুবিঘা ভূমি ৷ মনকৰিবলগীয়া যে ,সুকন্যা বৰাৰ দক্ষিণ শৰণীয়া আৰু জয়ানগৰৰ ঘৰত চি এম ভিজিলেঞ্চে অভিযান চলাই ভিতৰৰ বিলাসী আচবাব দেখি তবধ মনাই নহয় অভিযানত জব্দ কৰে কেতবোৰ নথি পত্ৰ ৷য’ত আছে মৰিগাঁওত ক্ৰয় কৰা মাটিৰ নথি ৷

এই সন্দৰ্ভত সুকন্যাক তদন্তকাৰী সন্থাটোৱে তলব কৰি ইতিপূৰ্বে কে’বালানী জেৰাৰ অন্তত আজি এচিএছ বিষয়া গৰাকীক গ্ৰেপ্তাৰ কৰে ৷

Exit mobile version