Jonbeel Mela:ভৈয়ামলৈ নামি আহিল পাহাৰৰ মামা-মামী

jonbeel 1

Jonbeel Mela:

প্রাচীন তিৱা ৰাজ্যৰ গৌৰৱময় সংস্কৃতিৰ বাহক, ইতিহাস প্রসিদ্ধ গোভাৰাজ্যৰ জোনবিল মেলা কালিৰে পৰা জোনবিলৰ পাৰত তিনিদিনীয়া বিস্তৃত আৰু বর্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয়।

১৬শ শতিকাৰ তিৱা ৰাজ্য গোভাৰ ঐতিহ্য পৰম্পৰাৰে সমৃদ্ধ এই জোনবিল মেলাখন বৃহস্পতিবাৰে পুৱা ছয়বজাত গোভা দেওৰজা চাৰি ভাই দেওশাল শিৱথানত মাংগলিক পৰ্বৰে আৰম্ভ হয়। এই অনুষ্ঠানৰ পাছতে ইউনেস্কোৰ দ্বাৰা জোনবিলৰ তথ্য চিত্ৰ আৰম্ভ কৰাৰ পাছতেই গাভৰু আমৰ বক্ষত বন্তি প্রজ্বলন কৰা হয়। পুৱা ন বজাত জোনবিল মেলাস্থলীত বন্তি প্রজ্বলন কৰে জোনবিল মেলা উন্নয়ন সমিতিৰ সভাপতি সোণেশ্বৰ দলৈয়ে।

 

সেই স্থানতেই জোনবিলৰ গীত পৰিৱেশনৰ লগে লগে বহুকেইজন আমন্ত্রিত অতিথিৰ উপস্থিতিত পতাকা উত্তোলন কৰি জোনবিল মেলাৰ কাৰ্যসূচী আৰম্ভ কৰে গোভা ৰাজ্যৰ ৰজা দীপসিং দেওৰজাই। দিনৰ ভাগত প্রাচীন মেলাখনৰ বাবে ইতিমধ্যে পাহাৰৰ পৰা আগমন ঘটে বহুসংখ্যক পাহাৰীয়া অঞ্চলৰ লোক।

মামা-মামী সম্বোধনৰে আগমন ঘটা মেঘালয়, কার্বি আংলঙৰ লংপ, মৰঙা, উমদেন, উমতাই, উমডোঙা, উমচিয়াং, উমজাৰী, উমদেংখুলাই, মাজৰ, মায়ং, চুমিদাং, লুমফৈ, আমদাং, আমদঙা, লেমেৰা, খাৰখুজি, আমবাট, মার্জং, বালিখুজি, দাপমাছাল, নুনফৈ আদি বহু পাহাৰীয়া গাঁৱৰ জনজাতীয় ৰাইজে মেটমৰা বোজালৈ জোনবিলৰ মেলাত ভৈয়ামত হেৰাই যোৱা প্রাচীন ঐতিহ্যময় সংস্কৃতি বিনিময় প্রথা জিলিকাই তুলিব।

বিয়লি ভাগত উত্তৰ-পূব ক্ষেত্র সাংস্কৃতিক কেন্দ্ৰৰ সাংস্কৃতিক অনুষ্ঠানৰ পাছতে পাহাৰৰ মামা-মামীসকল লগত গোভাৰজাৰ বাৰ্তালাপ অনুষ্ঠান অনুষ্ঠিত হয়। সন্ধিয়াৰ ভাগত জ্যেষ্ঠ সাংবাদিক অজিত শর্মা আৰু জনার্দন পাতৰ মছৰঙৰ সম্পাদনাত প্রকাশ পোৱা জোনবিল মেলাৰ আয়োজক সমিতিৰ স্মৃতিগ্রন্থ ‘জোনবিল’ উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি শৰ্মাই।

স্মৃতিগ্রন্থখন উন্মোচন কৰি সভাপতি শর্মাই ভাষণত পাহাৰ-ভৈয়ামৰ সম্প্রীতি ঐতিহ্য বহন কৰি অহা প্রাচীন জোনবিল মেলাখন স্বাভিমানৰ প্রতীক বুলি উল্লেখ কৰাৰ উপৰি জোনবিলৰ ঐতিহ্যই তিৱা জনজাতিৰ লোকসকলক জীয়াই ৰাখিব বুলি কয়।

ভাষণ প্রসংগত আছুৰ কেন্দ্রীয় সভাপতিজনে পুনৰ কয় যে তিৱা জনজাতিৰ ঐতিহাসিক সমল সমূহ সংৰক্ষণ কৰিবলৈ জোনবিলত এটা গবেষণা কেন্দ্র প্রতিষ্ঠা হ’ব লাগিব। জোনবিলৰ ভূমি সংৰক্ষণ কৰিব লাগিব, তিৱা জনজাতিৰ লোকসকলক আগবঢ়াই লৈ যাবলৈ জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গানেৰে শাসনভাৰ লোৱা বিজেপি চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব লাগিব। জোনবিলৰ ঐতিহ্য আৰু ইতিহাস বিশ্ববাসীৰ আগত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাবলৈ লাগিব বুলি আছুৰ কেন্দ্রীয় সভাপতি শর্মাই ভাষণত কয়।

ইপিনে, নিশাৰ ভাগত অনুষ্ঠিত হয় পাহাৰ-ভৈয়ামৰ সাংস্কৃতিক অনুষ্ঠান। জোনবিলৰ পাৰত ৰজা দীপচিং দেওৰজাৰ সৈতেবিষয়া-পাৰিষদ বর্গই খালে ভোজ-ভাত দিনৰ ভাগতেই গোভা ৰজাই প্রাচীনতম বিল জোনবিলৰ পাৰত বহি ভোজভাত খালে ৰজা দীপচিং দেওৰজাৰ লগতে ৫১গৰাকী বিষয়া-পাৰিষদে বৰগৰখীয়া-পুনাকণ মালৈ, কীৰ্ত্তন মালয়, জোন হুকাইকে ধৰি কেইবাগৰাকী গৰংখুচীয়া পদাধিকাৰীক মুঠ ৫১ জন পাৰিষদবর্গই। জোনবিল মেলাৰ ৰাজ-দৰবাৰত অংশ ল’ব ১৯গৰাকীকৈ তিৱা ৰজাই ১৬শ শতিকাৰ প্রাচীন গোভা ৰাজ্যৰ জোনবিল মেলাত এইবেলি কাইলৈ অংশ ল’ব মধ্য অসমৰ ১৯জন তিৱা ৰজাই।

মধ্য অসমৰ এই ১৯ গৰাকী তিৱা ৰজাক জোনবিল মেলাত অসম চৰকাৰৰ কেবিনেট মন্ত্রী পীযূষ হাজৰিকাই ৰাজভাট্টা প্রদান কৰিব।

জোনবিল মেলাত জিলিকিব বিনিময় প্রথা: এদিনৰ বাবে অচল হ’ব মুদ্ৰাৰ প্ৰচলন আধুনিক মুদ্রা প্রচলনে লুপ্ত কৰি পেলোৱা ১৪ শতিকাৰ বিনিময় প্রথা পুনৰ বাৰ কাইলে জিলিকি উঠিব গোভা ৰাজ্যৰ এই জোনবিল মেলাত। পাহাৰীয়া এই লোকসকলে এই মেলালৈ আহি নিজে পাহাৰত উৎপাদন কৰা কচু, আলু, আদা, হালধি, জালুক, জলকীয়া, কোমোৰা, গন্ধক আৰু শুকানমাছ আদি সামগ্ৰীৰে ভৈয়ামৰ লোকসকলৰ উৎপাদিত লাৰু, পিঠা, সান্দহ, পিঠাগুড়ি আদি বিনিময় কৰিব।

আজি পুৱতি নিশাই জোনবিল মেলাত বিনিময় প্রথা পর্ব মুকলি কৰিব মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। এই বিনিময় প্রথা পর্বত বিশিষ্ট অতিথি হিচাপে তিবা স্বায়ত্ব পৰিষদৰ মুখ্য কার্যবাহী সদস্য – জীৱন চন্দ্ৰ কোঁৱৰে অংশ গ্রহণ কৰিব।

Exit mobile version