KMSS Gs Arrested In Forkating:কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক আটক

পুৱতি নিশাই ফৰকাটিং আৰক্ষীয়ে আটক কৰে কৃষক নেতা গৰাকীক

kmss

KMSS Gs Arrested In Forkating:

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক আটক অসম আৰক্ষীৰ ৷ শণিবাৰে কাহিলীপুৱাতে কৃষক নেতা গৰাকীক ফৰকাটিং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৌস্তভ মণি গগৈৰ নেতৃত্বত যোৱা আৰক্ষী দলে আটক কৰি থানালৈ লৈ যায় ৷

কি কাৰণত নিচেই পুৱাতে কৃষক নেতা গৰাকীক আটক কৰিলে এই সন্দৰ্ভত জানিব পৰা হোৱা নাই ৷

আনহাতে ,কৃষক নেতা গৰাকীক আটক কৰাৰ কাৰ্যক তীব্ৰ প্ৰতিবাদ কৰে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে ৷ বিদ্যুৎ শইকীয়াক আটক কৰাৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভিতৰ চ’ৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

ইতিমধ্যে কে এম এছ এছৰ বহু সংখ্যক কৰ্মকতা উপস্থিত হৈছে ফৰকাটিং আৰক্ষী চকীত ৷ শীৰ্ঘেই কৃষক নেতা গৰাকীক মুকলি কৰিবলৈ দাবী জনায় কে এম এছ এছে ৷ অন্যৰ্থাই তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷

Exit mobile version