UAE President Owns a Rs 4,000 Crore Residence and 700 Cars:চাৰি হেজাৰ কোটিৰ বাসগৃহ, ৭০০ গাড়ী

এইটোৱে হৈছে বিশ্বৰ নবাতোকৈ ধনাঢ্য পৰিয়াল

uae main

UAE President Owns a Rs 4,000 Crore Residence and 700 Cars:

অলপতে ভাৰত ভ্ৰমণলৈ অহা সংযুক্ত আৰব আমিৰাটৰ ৰাষ্ট্রপতি শ্বেখ মহম্মদ বীন জায়দ অল নাহয়ান আকৌ এবাৰ সংবাদ মাধ্যমৰ শিৰোনামলৈ আহিল।

দৰাচলতে নাহয়ানৰ পৰিয়ালটো হৈছে বৰ্তমান বিশ্বৰ সবাতোকৈ ধনাঢ্য পৰিয়াল। এই পৰিয়ালত মুঠ সম্পত্তিৰ পৰিমাণ জানিলে বহুতৰে চকু কপালত উঠিব। ব্লুমবৰ্গৰ বিশ্বৰ সবাতোকৈ ধনী পৰিয়াল ২০২৩ৰ তালিকাত নাহয়ানৰ এই পৰিয়ালে প্রথম স্থান লাভ কৰিছিল।

নাহয়ান হৈছে আবুধাবিৰ ১৭ সংখ্যক ধনাঢ্য শাসক। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ডুবাইত নাহয়ান ৰাজ পৰিয়ালৰ ৪০৭৮ কোটি টকাৰ ৰাষ্ট্ৰপতি মহল আছে। তদুপৰি এই ৰাজ পৰিয়ালৰ আঠখন ব্যক্তিগত জেট বিমান, এটা লোকপ্রিয় ফুটবল ক্লাব থকাৰ লগতে নাহয়ানৰ ব্যক্তিগত সংগ্ৰহত আছে ৭০০ৰো অধিক বিলাসী গাড়ী

নাহয়ানৰ নটা সন্তান আৰু ১৮ টা নাতি-নাতিনী আছে। নাহয়ান ৰাজ পৰিয়ালৰ বিশ্বৰ ছয় শতাংশ তৈল ভাণ্ডাৰ, মানচেষ্টাৰ চিটি ফুটবল ক্লাব আৰু কে’বাটাও বিশ্বখ্যাত কোম্পানীৰ শ্বেয়াৰ আছে।

সংযুক্ত আৰব আমিৰাটৰ লগতে এই ৰাজপৰিয়ালৰ পেৰিছ, লণ্ডনসহ কে বাখনো বিখ্যাত চহৰত বিলাসী বাসগৃহ আছে । নাহয়ানক লণ্ডনৰ সবাতোকৈ ধনাঢ্য ভূমি ব্যৱসায়ী হিচাপেও জনা যায়।

Exit mobile version