Women Members of the Three Armed Forces Will Participate in the Republic Day Celebrations for the first time:গণতন্ত্ৰ দিৱসত প্ৰথমবাৰলৈ অংশ ল’ব তিনি সেনাবাহিনীৰ মহিলা সদস্যই

womens army

Women Members of the Three Armed Forces Will Participate in the Republic Day Celebrations for the first time:

দেশৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত প্ৰথমবাৰলৈ তিনি সেনা ক্রমে স্থল, বায়ু আৰু জল সেনাৰ মহিলা সৈনিকে অংশ ল’ব।

মেজৰ জেনেৰেল সুমিত মেহতাই আজি এই কথা সদৰী কৰি কয় যে এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশ ল’ব দেশব তিনি সেনাবাহিনীৰ মহিলা সদস্যই। এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেড মহিলাকেন্দ্রিক হ’ব বুলিও মেজৰ জেনেৰেলে জানিবলৈ দিয়ে।

কর্তব্য পথত আয়োজিত ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত মূল বিষয় ‘বিকশিত ভাৰত’ আৰু ‘ভাৰত-লোকতন্ত্ৰৰ মাতৃক’ নির্ধাৰণ কৰা হৈছে। মেজৰ জেনেৰেল মেহতাই আজি সদৰী কৰা অনুসৰি, গণতন্ত্র দিৱসৰ পেৰেড ২৬ জানুৱাৰীৰ পুৱা ১০-৩০ বজাত বিজয় চৌকৰ পৰা আৰম্ভ হ’ব আৰু কর্তব্য পথত সমাপ্ত হ’ব।

Exit mobile version