Wild Elephant Trapped in Narrow Corridor of Business Establishment in Narengi:জনাঞ্চলত বন্যহস্তীৰ বিচৰণ

নাৰেংগীত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ঠেক ক'ৰিডৰত আবদ্ধ গজৰাজ

Wild elephant

Wild Elephant Trapped in Narrow Corridor of Business Establishment in Narengi:

মহানগৰীৰ নাৰেংগীত বন্যহস্তীৰ অবাধ বিচৰণক লৈ আতংকিত হৈ পৰিছে অঞ্চলবাসী ৷ খাদ্যৰ সন্ধানত জনাৰণ্যৰ পৰা জনাঞ্চলৈ নামি অহা বনৰীয়া হাতী এটা সোমবাৰে নাৰেংগীৰ ৰাইনো মাইক নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ঠেক ক’ৰিডৰত আবদ্ধ হৈ পৰে ৷

অৱশ্যে আবদ্ধ হৈ পৰা বন্যহস্তীটোৱে বহু চেষ্টা অন্তত কৰিডৰৰ পৰা মুক্ত হৈ পুনৰ দাঁতি কাষৰীয়া পাহাৰলৈ ধাৱমান হয় ৷

উল্লেখ্য যে, সময়ে সময়ে খাদ্যৰ সন্ধানত নাৰেংগী দাতিঁকাষৰীয়া অৰণ্যৰ পৰা জনাঞ্চললৈ বন্যহস্তীৰ বিচৰণে প্ৰায়ে ৰাইজক আতংকিত কৰি তোলে ৷ আনকি হাতীৰ আক্ৰমণত মৃত্যু হৈছে স্থানীয় লোক এজনৰ ৷

Exit mobile version