Dhalai Police Seized Heroin:
ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ কঠোৰ স্থিতি লৈ থকাৰ মাজতে সোমবাৰে নিশা ধলাইৰ লোকনাথপুৰত আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত অৰ্তকিতে অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ জব্দ কৰে হেৰ’ইন ভৰ্তি ৫০টা চাবোনৰ বাকচ ।
ADVERTISEMENT
আৰক্ষীয়ে জব্দকৃত বাকচ কেইটাৰ পৰা মুঠ ১.৫৩১ কেজি হেৰ’ইন জব্দ কৰাৰ লগতে ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা জব্দ কৰে ৪৬০গ্ৰাম নিষিদ্ধ মেথাম ফেটামাইন ।
উল্লেখ্য যে,হেৰ”ইন আৰু মেথাম ফেটামাইন খিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা বহি:ৰাজ্যলৈ সৰবৰাহৰ উদ্দেশ্যৰে কাছাৰৰ মাজেৰে লৈ যোৱাৰ কৰিছে ধলাই আৰক্ষীয়ে।
জব্দকৃত ড্ৰাগছ খিনিৰ মুল্য কে’বা কোটি টকা হ’ব ৷ ইতিমধ্যে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনক অধিক তথ্যৰ বাবে ধলাই আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।