List of Properties Must be Uploaded to the Portal :
অসস চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত হৈ থকা IAS, IPS, ACS, APS বিষয়া সকলে সম্পত্তিৰ তালিকা চৰকাৰক জনোৱাটো প্ৰয়োজন যদিও বহু বিষয়াই নানান অজুহাতত চৰকাৰক দিয়া নাছিল সম্পত্তিৰ তালিকা ৷
কিন্ত শেহতীয়াকৈ ৰাজ্য চৰকাৰে এইক্ষেত্ৰত অধিক কঠোৰস্থিতি লৈ পাৰ্ছ’নেল বিভাগে IAS, IPS, ACS, APS বিষয়ালৈ জাৰি কৰিছে এক কঠোৰ নিৰ্দেশনা ৷
এতিয়াৰ পৰা চৰকাৰে নির্দিষ্ট কৰি দিয়া প’র্টেলত আপলোড কৰিব লাগিব সম্পত্তিৰ তালিকা ৷ ৩১ জানুৱাৰীৰ পূৰ্বে স্থাৱৰ-অস্থাৱৰ সকলো সম্পত্তিৰ তালিকা আপলোডৰ নিৰ্দেশ ৷
আনহাতে পাৰ্ছ’নেল বিভাগে জাৰি কৰা নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়া হয় যে তালিকা দাখিল নকৰা বিষয়াৰ বিৰুদ্ধে লোৱা হ’ব বিভাগীয় ব্যৱস্থা ৷