Many Changes in the Rules And Regulations for the High School Examinations:হাইস্কুল শিক্ষান্ত পৰীক্ষাত ব্যাপক সাল-সলনি নীতি- নিয়মৰ !

মেট্ৰিক পৰীক্ষাত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হ'ব অ এম আৰ শ্বীট

seba

Many Changes in the Rules And Regulations for the High School Examinations:

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছেবাই কেতবোৰ গুৰুত্বপূৰ্ণ সাল সলনি কৰে । সেই অনুসৰি প্ৰথমবাৰৰ বাবে আগন্তুক মেট্ৰিক পৰীক্ষাত ব্যৱহাৰ হ’ব অ এম আৰ শ্বীট।

পৰীক্ষাৰ্থীৰ বাবে ছেবাৰ এই নতুন নিয়মাৱলী মতে,-সমাজ-বিজ্ঞান,গণিত-ইংৰাজী-সাধাৰণ বিজ্ঞান বিষয়ত থাকিব অ এম আৰ শ্বীট।

আনহাতে ,অ এম আৰ স্বীটত থাকিব ১ নম্বৰৰ ৪৫টা প্রশ্ন। সুকীয়া বহী এখনত পৰীক্ষাৰ্থীয়ে লিখিব লাগিব ৪৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ উত্তৰ। একেদৰে বিষয়সমূহৰ ব্যৱহাৰিক পৰীক্ষাটো থাকিব ১০ নম্বৰ।

অ এম আৰ শ্বীটত পৰীক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগিব ক’লা-নীলা ৰঙৰ চিয়াহী।

উল্লেখ্য যে,হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ’ব ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰু অন্ত পৰিব ৪ মার্চত।

Exit mobile version