APCC President Bhupen Bora Attended at Jorhat Police Station:যোৰহাট থানাত হাজিৰ ভূপেন বৰা

ভূপেন বৰাক সংগ দিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই, যিকোনো পৰিস্থিতিৰ বাবে মই সাজু:ভূপেন বৰা, থানাৰ বাহিৰত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ, ৰাহুল গান্ধীৰ ভাৰত জোড়া ন্যায় যাত্ৰাৰ পিছতে অথন্তৰ, পথ নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগ যোৰহাট আৰক্ষীৰ

bhupen bora 5

APCC President Bhupen Bora Attended In Jorhat Police Station:

কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ বহুচৰ্চিত ভাৰত জোড়া ন্যায় যাত্ৰাৰ সমদল যোৰহাট চহৰত প্ৰৱেশ কৰি পথ নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগ কৰি এপিচিচিৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ৰজু কৰি ইতিমধ্যে চমন জাৰি কৰাৰ পাছত আজি দিনৰ এঘাৰ বজাত অধিবক্তাৰ স’তে যোৰহাট থানাত হাজিৰ হয় এপিচিচিৰ সভাপতি ভূপেন বৰা

উল্লেখ্য যে,আঠটা ধাৰা সনিবিষ্ট কৰা হৈছে ৷ইয়াৰে কে’বাটাও ধাৰা জামিন বিহীন ৷ যোৰহাট থানাৰ পাঁচশ মিটাৰ নিলগৰ পৰা বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ স’তে পদব্ৰজে থানাত উপস্থিত হয় ৷ সাংবাদিকৰে হোৱা বাৰ্তালাপত কংগ্ৰেছ নেতা গৰাকীয়ে চমকৈ কয়,যিকোনো পৰিস্থিতিৰ বাবে মই সাজু ৷

উল্লেখ্য যে,ভূপেন বৰাই ইতিমধ্যেই সংবাদ মাধ্যমত সদৰি কৰিছিল যে,তেওঁ কোনো ক্ষেত্ৰতে অগ্ৰিম জামিন নলয় ৷ ভূপেন বৰাৰ বিৰুদ্ধে ৮ টাকৈ ধাৰাত গোচৰ ৰুজু হৈ আছে। IPC 120(B), 115(II), 143,147, 188, 283, 323, 353 আৰু পিডিপিপি আইনত গোচৰ ৰুজু। ৰাজহুৱা সম্পত্তি ধ্বংসৰ অভিযোগ এপিচিচি সভাপতিগৰাকীৰ বিৰুদ্ধে।থানাত প্ৰৱেশ কৰাৰ পূৰ্বে বিৰোধী দলপতি গৰাকীয়ে কয়,নিশ্চিতভাৱে এয়া এক ষড়যন্ত্ৰ’।

আনহাতে, অনুৰূপ চমন দিয়া হৈছিল এপিচিচিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীক ৷৫ ফেব্ৰুৱাৰীত যোৰহাট থানাত হাজিৰ হ’বলৈ কোৱা হৈছিল যদিও তেওঁ কিছুদিনৰ সময় বিচাৰি ইতিমধ্যে এক পত্ৰ প্ৰেৰণ কৰে যোৰহাট থানালৈ ৷

মনকৰিবলগীয়া যে,ভূপেন বৰা থানাৰ ভিতৰত থকা সময়ত বাহিৰত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ কৰি বিভিন্ন শ্ল’গানেৰে আকাশ – বতাহ মুখৰিত কৰি তোলে ৷

Exit mobile version