Pm Modi Will Arrive In Assam On February 3 :তিনি ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব মোদী

৩ আৰু ৪ ফেব্ৰুৱাৰীত প্রধানমন্ত্রীয়ে অংশ কে'বাটাও কাৰ্যসূচী

modi shah

Pm Modi Will Arrive In Assam On February 3 :

নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা মাহ থকা অৱস্থাত দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ৩ আৰু ৪ ফেব্ৰুৱাৰীত প্রধানমন্ত্রীয়ে অংশ কে’বাটাও কাৰ্যসূচীত ৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচী সন্দৰ্ভত ইতিমধ্যে দিল্লীত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী

ড: হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা।

প্ৰাপ্ত খবৰ অনুসৰি, ৩ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদী গুৱাহাটীলৈ অহাৰ পাছত যোৰহাটলৈ গৈ সুবিশাল লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি মুকলি কৰিব ৷

আনহাতে ৪ ফেব্ৰুৱাৰীত খানাপাৰা ভেটেৰনাৰী কলেজ ফিল্ডত অনুষ্ঠিত হ’বলগীয়া বিশেষ ৰাজহুৱাত ৰাজ্য চৰকাৰৰ কেইবাটাও প্রকল্প মুকলি কৰিব ।

একেদৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে কামাখ্যা মন্দিৰৰ কৰিড’ৰ শুভাৰম্ভৰ লগতে মুকলি কৰিব আলাবৈৰ ৰণৰ স্মৃতিত নিৰ্মাণ হৈ থকা উদ্যান ।

Exit mobile version