CM Himanta Biswa Sarma The Foundation Stone for the New Flyover at the Cycle Factory:
বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী গড়ভঙা পথৰ সৈতে চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ তিনিলেনযুক্ত নতুন উৰণ সেতুৰ শিলান্যাস কৰে।
আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “তিনি লেনযুক্ত উৰণীয়া সেতুখন ২.৮৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ হ’ব আৰু উৰণীয়া সেতুখনৰ দুয়োকাষে আৰচিচিৰ নলা স্থাপন কৰা হ’ব।”
এই নিৰ্মাণৰ বাবে মুঠ খৰচ হ’ব ৩৭৪ কোটি টকা আৰু আমি তিনি বছৰতকৈও কম সময়ত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰিত কৰা হৈছে ৷
মুখ্যমন্ত্ৰী শৰ্মাই কয় ,গুৱাহাটীত ডিজেল চালিত বাছ নাইকীয়া কৰাৰ পৰিকল্পনা।গুৱাহাটীত চলিব কেৱল ইলেক্ট্ৰিক আৰু CNG চালিত বাছ।
গুৱাহাটীৰ ভিৰমুক্ত কৰাৰ দিশত আন এক পদক্ষেপ বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
উল্লেখ্য যে,এই সভাতে মুখ্যমন্ত্ৰী শৰ্মাই গুৱাহাটী পৌৰনিগমৰ ১৪.৬৭ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পও উদ্বোধন কৰে ৷ প্ৰকল্প কেইটা হ’ল ২৪ টা ৰাজহুৱা শৌচাগাৰ ,৩১টা কমিউনিটি বিল্ডিং, ১৭টা শ্মশান, আৰু ২টা কবৰস্থান ৷
উল্লেখ্য যে,উৰণীয়া সেতুখনৰ আৰম্ভণি বিন্দু আৰ্য নগৰ উৰণীয়া সেতুৰ পিছৰ জংচন পইণ্টৰ পৰা আৰু শেষ বিন্দু লাল গণেশ বজাৰৰ বাহিৰত হ’ব।
সম্পূৰ্ণ হোৱাৰ পিছত এই উৰণীয়া সেতুখন আই টি আই গুৱাহাটী, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (লখৰা), কাহিলীপাৰা, বৰ্ষাপাৰা ষ্টেডিয়াম, জি এম চি এইচ, বি বৰুৱা কেন্সাৰ ইনষ্টিটিউট, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় আদিৰ দৰে প্ৰধান পথ সমূহৰ স’তে সৈতে সংযোগ স্থাপন হ’ব ।