CM Laid The Foundation Stone Of Rangghar Beautification Project:ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ বান্ ফি আৰু ভূমিপূজন অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

sivsagar

CM Laid The Foundation Stone Of Rangghar Beautification Project:

আজি শিৱসাগৰৰ ৰংঘৰ সৌন্দৰ্যবৰ্দ্ধন প্ৰকল্পৰ বামফি পূজা আৰু ভূমি পূজনত উপস্থিত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

১৪৯ কোটি টকা ব্যয় সপেক্ষে ৮৩ বিঘা ভূমিত হ’ব লগা ৰংঘৰ সৌন্দৰ্যবৰ্দ্ধন প্ৰকল্পত অংশগ্ৰহণ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে আহোমৰ পৰম্পৰাগত সাজ-পাৰ পিন্ধি ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ বান্ ফি আৰু ভূমিপূজনত অংশগ্ৰহণ কৰে ৷

এই উপলক্ষে আয়োজিত সভাত অংশ লৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ জাতীয় জীৱনৰ বাবে এক ঐতিহাসিক দিন বুলি উল্লেখ কৰি কয়, ৰংঘৰ সৌন্দৰ্যবৰ্দ্ধন প্ৰকল্প নিৰ্মাণ হৈ উঠিলে ই এক আন্ত:ৰাষ্ট্ৰীয় মানদণ্ডৰ পৰ্যটন ক্ষেত্ৰ হৈ উঠিব ৷

আনহাতে আন এক প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,’অসমীয়াৰ পৰিচয় বন্ধ, ধৰ্ণা, পিকেটিং নাছিল, অসমীয়াৰ পৰিচয় আছিল স্বৰ্গদেউ ৰুদ্ৰসিংহ, লাচিত বৰফুকন আৰু চিলাৰায়ৰ দৰে বিশ্ব বিজয় কৰিব পৰা বীৰৰ ৷ আন্দোলন বৰ্জিত পৰিৱেশৰ মাজেৰে অসমক ভাৰতৰ ৫ খঃ শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠিত কৰিব বিচাৰিছোঁ’৷

মুখ্যমন্ত্ৰীয়ে শিৱসাগৰ জিলালৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিব বুলি কৈ শিৱসাগৰৰ সামগ্ৰিক উন্নয়নৰ বাটে ছটা বিশেষ প্ৰকল্পৰ কথা ঘোষণা কৰে৷সেই অনুসৰি অহা মাহত ডিমৌত শিৱসাগৰ মেডিকেল কলেজৰ আধাৰশিলা হ’ব ৷ একেদৰে
১৮৭ কোটিৰে দিখৌমুখৰ পৰা নাজিৰালৈ আন এক প্ৰকল্প হ’ব৷ শিৱসাগৰৰ মাজমজিয়াত থকা কাৰাগাৰখন স্থানান্তৰ কৰি সেই স্থানত স্থাপন হ’ব উদ্যান ৷

আনহাতে,চৰাইদেও জিলাৰ চৰাইদেউ বিশ্ব ঐতিহ্য হ’লে আৰু অধিক উন্নয়ন হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷ কাজিৰঙাত ৩২ কিলোমিটাৰ অভাৰ ব্ৰীজো শীৰ্ঘেই নিৰ্মাণ কৰা হ’ব বুলি সদৰি কৰে মুখ্যমন্ত্ৰীয়ে ৷

অনুষ্ঠানত আদৰণি ভাষণত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয়,স্বাধীনতাৰ পিছত আধুনিক শিৱসাগৰৰ বাবে আজিৰ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় ৷

আন এক অনুভৱ ব্যক্ত কৰি স্থানীয় বিধায়ক গৰাকীয়ে কয়,। শিৱসাগৰক ঐতিহ্য বিশ্ব ক্ষেত্ৰৰ বাবে ১ কোটি টকা বিচাৰি যাওঁতে লগে লগে ২০ লাখ টকা দিছিল মুখ্যমন্ত্ৰী ৷তাৰ বাবে তেখেত ধন্যবাদৰ পাত্ৰ ৷

সভাত মন্ত্ৰীদ্বয় ডা:ৰণোজ পেগু,যোগেন মহণ,বিধায়ক সুশান্ত বুঢ়াগোহাঁই সহ কে’বাজনো বিধায়ক আৰু জিলা আয়ুক্ত উপস্থিত থাকে ৷

Exit mobile version