Non-Hindu Temples Banned From Entering Tamil Nadu:তামিলনাডুৰ মন্দিৰত প্রবেশ নিষিদ্ধ হ’ল অহিন্দুৰ

মন্দিৰ কোনো পিকনিকৰ স্থান নহয় যে যিকোনো ব্যক্তিয়ে ফুৰিবলৈ আহিব: মাদ্রাছ উচ্চ ন্যায়ালয়

hindu temple

Non-Hindu Temples Banned From Entering Tamil Nadu:

মাদ্রাজ উচ্চ ন্যায়ালয়ে তামিলনাডুত মঠ- মন্দিৰত হিন্দৰ বাহিৰে আন ধৰ্মৰ লোকৰ প্রৱেশ নিষিদ্ধ কৰিলে। আদালতে তামিলনাডু চৰকাৰৰ এই বিষয়ত এক নির্দেশনা জাৰি কৰি কয় যে ,মন্দিৰত ‘অহিন্দুৰ ভিতৰত প্রৱেশ নিষিদ্ধ‘ বুলি লিখা নামফলক আৰি দিয়া উচিত। মাদ্রাছ উচ্চ ন্যায়ালয়ে লগতে এইদৰে ক’লে মন্দিৰ কোনো পিকনিকৰ স্থান নহয় যে যিকোনো ব্যক্তিয়ে ফুৰিবলৈ আহিব। হিন্দুসকলৰ নিজৰ ধর্ম পালন কৰাৰ মৌলিক অধিকাৰ আছে। মন্দিৰৰ প্রৱেশদ্বাৰত নামফলক আঁৰি কেবল হিন্দুৰ প্ৰৱেশৰ অনুমতি দিয়া উচিত।’

ADVERTISEMENT

উল্লেখ্য যে, ডি ছেছিলকুমাৰৰ আবেদনৰ শুনানি গ্রহণ কৰি মাদ্রাছ উচ্চ ন্যায়ালয়ৰ মাদুৰাই বেঞ্চৰ ন্যায়াধীশ এছ শ্রীমথিয়ে এইদৰে নির্দেশনা জাৰি কৰিলে।

আদালতে বায়দানত স্পষ্টভাৱে কয় যে চৰকাৰে মন্দিৰত সেইসকল অহিন্দুক প্ৰৱেশৰ অনুমতি দিয়া অনুচিত যিসকলে হিন্দু ধর্মক বিশ্বাস নকৰে। যদি কোনো অহিন্দুৱে মন্দিৰ দৰ্শন কৰিব বিচাৰে তেন্তে সেই ব্যক্তিৰ পৰা তেওঁৰ মন্দিৰৰ দেৱতাৰ প্রতি বিশ্বাস থকা আৰু হিন্দু ৰীতি-নীতি পালনৰ বচন লোৱা উচিত বুলি আদালতে চৰকাৰক নির্দেশ দিলে।

Exit mobile version