Delhi:দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰত বৃষ্টিপাত অব্যাহত

উত্তৰাখণ্ড- হিমাচল-কাশ্মীৰত তুষাৰপাত, অসম সহ উত্তৰ-পূৰ্বতো বৃষ্টিপাত হোৱাৰ সম্ভাৱনা

delhi weather

Delhi:

দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্রত আজি দ্বিতীয় দিনৰ বাবে বৃষ্টিপাত অব্যাহত থাকে। বৃষ্টিপাতৰ ফলত দেশব ৰাজধানী চহৰখনত শীতৰ প্রকোপ পুনৰ বৃদ্ধি পালে।

কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে পূর্বানুমানত উল্লেখ কৰা অনুসৰি, দিল্লী, গাজিয়াবাদ, নয়ডা আৰু গুৰুগ্ৰামৰ একাধিক অঞ্চলত ধুমুহাৰ স’তে বৃষ্টিপাতৰ সম্ভাৱনা আছে।

ইফালে, হিমাচল প্রদেশ, উত্তৰাখণ্ড আৰু জম্মু- কাশ্মীৰত তুষাৰপাতৰ ফলত শীতৰ প্রকোপ বৃদ্ধি পালে। বুধবাৰৰ পৰা এই তিনি ৰাজ্যত তুষাৰপাত অব্যাহত আছে। তুষাৰপাতৰ কাৰণত কাশ্মীৰত পুঞ্চ আৰু ৰাজৌৰীৰ স’তে শ্রীনগৰৰ পথ যোগাযোগ বন্ধ হৈ আছে। হিমাচল প্রদেশত তুষাৰপাতৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথসহ ২২০টা অধিক পথ বন্ধ হৈ আছে।

আনহাতে অসম সহ উত্তৰ- পূবৰ ৰাজ্য কেইখনৰ কেতবোৰ অঞ্চলত বৃষ্টিপাত পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই

Exit mobile version