Rishi Sunak:পূজাৰীৰ বাবে ধর্মীয় ভিছা প্ৰদান নকৰে ছুনাক চৰকাৰে

ছুনাকৰ প্ৰতি ক্ষুব্ধ হিন্দু ধর্মাৱলম্বী

rishi ronak

Rishi Sunak:

ব্রিটেইনত বসবাসকাৰী হিন্দুসকল দেশখনৰ প্রধানমন্ত্রী ঋষি ছুনাকৰ প্ৰতি ক্ষুব্ধ হৈছে। ইয়াৰ কাৰণ হৈছে ব্রিটেইনত প্রায় ৫০০ টা মন্দিৰ আছে যদিও ইয়াৰে ৫০টা মন্দিৰ ইতিমধ্যে বন্ধ হৈছে ।

এইদৰে ব্রিটেইনত মন্দিৰ বন্ধ হোৱাৰ কাৰণটো হৈছে ছুনাক চৰকাৰে ভাৰতীয় পূজাৰীক ভিছা প্রদান বন্ধ ৰাখিছে ।

তথ্য অনুসৰি, ব্রিটেইনত প্রায় ২০ লাখ ভাৰতীয় হিন্দুৱে বাস কবে। ব্রিটেইনত থকা মন্দিৰৰ পৰিচালনাৰ কাম-কাজ ভাৰতীয় হিন্দুৱে সম্পন্ন কৰি আহিছে। কিন্তু ব্রিটেইন চৰকাৰে ভিছা নীতি কঠোৰ কৰাৰ ফলত সম্প্রতি দেশখনত ভাৰতীয় পূজাৰীৰ অভাব ঘটিছে। এই কাৰণত বহু মন্দিৰ সম্প্রতি বন্ধ হৈ আছে।

ব্রিটেইনত পূজাৰীৰ বাবে ধর্মীয় ভিছা প্ৰদান কৰা হয় আৰু এই ভিছা অস্থায়ী। ভিছাৰ ম্যাদ অন্ত পৰাৰ ছমাহ পূর্বে মন্দিৰ সমিতিয়ে নতুনতে পূজাৰীৰ বাবে ভিছাৰ আবেদন প্রক্রিয়া আৰম্ভ কৰে।

কিন্তু সময় অনুসৰি ভিছাৰ নবীকৰণ নোহোৱাৰ ফলত দেশখনত সম্প্রতি হিন্দুৰ মন্দিৰত পূজাৰীৰ অভাৱ ঘটিছে ।

Exit mobile version