Ayodhya’s Ram Temple Has Earned Rs 11 crore in Just 10 Days:
যোৱা ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ আনুষ্ঠানিকভাবে মুকলি কৰা হৈছিল। ৰাম মন্দিৰ মুকলিৰ পাছৰে পৰা অগণন ভক্তই এই মন্দিৰ দৰ্শন কৰিছে।
ADVERTISEMENT
উদ্বোধনৰ সময়ৰে পৰা প্ৰতিদিনে ভক্তই সাধ্য অনুসৰি এই মন্দিৰলৈ প্রণামী আগবঢ়াই আহিছে। নগদ, চেক, অনলাইন, ইউপিআই আদি পদ্ধতিৰে ভক্তই ৰাম মন্দিৰলৈ দান আগবঢ়াইছে।
তথ্য অনুসৰি যোৱা ২২ জানুৱাৰীৰ পৰা বৰ্তমানলৈকে কমেও ২৫ লাখ ভক্তই ৰাম মন্দিৰ দৰ্শন কৰিলে আৰু এই পর্যন্ত মন্দিৰত ১১ কোটি টকাৰ প্রণামী জমা হ’ল। মন্দিৰ কৰ্তৃপক্ষই সদৰী কৰা পৰিসংখ্যা অনুসৰি মন্দিৰৰ নগদ প্রণামী বাকচত ভক্তই বর্তমানলৈকে আঠ কোটি টকা জমা দিলে।
আনহাতে, তিনি কোটি টকা মন্দিৰ কৰ্তৃপক্ষই অন্যান্য পদ্ধতিৰে ভক্তৰ পৰা প্ৰণামী হিচাপে লাভ কৰিলে।