Delhi Police Crime Branch Officers At Cm Kejriwal’s Residence:পঞ্চমবাৰলৈ ইডিৰ সন্মুখীন নহ’ল মুখ্যমন্ত্ৰী কেজৰিৱাল

গ্ৰেপ্তাৰ হ'ব নেকি কেজৰিৱাল?, কেজৰিৱালৰ বাসভৱনত দিল্লী ক্রাইম ব্রাঞ্চৰ বিষয়া, মুখ্যমন্ত্ৰীক সাক্ষাৎ ক্রাইম ব্রাঞ্চৰ

kejrial

Delhi Police Crime Branch Officers At Cm Kejriwal’s Residence:

দিল্লীৰ আবকাৰী কেলেংকাৰিৰ গোচৰত প্ৰৱৰ্তক সঞ্চালকালয় (ইডি)ব চমন পঞ্চমবাবলৈ অগ্রাহ্য কৰিলে দিল্লীৰ মুখ্যমন্ত্রী আৰু আম আদমী পার্টি (আপ)ৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে

যোৱা বুধবাৰে কেজৰিৱাললৈ এই গোচৰত পঞ্চম চমন জাৰি কৰিছিল ইডিয়ে।শুক্ৰবাৰে তেওঁক ইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছিল। কিন্তু কেজৰিৱালে শুক্ৰবাৰে ইডিৰ সন্মুখত হাজিৰ নহ’ল।

আবকাৰী দুর্নীতিৰ গোচৰত দীর্ঘদিন ধৰি কেজৰিৱালক নজৰত ৰাখিছে ইডিয়ে। পাঁচবাৰকৈ ইডিৰ চমন আওকাণ কৰাৰ পাছত কেজৰিৱালক কেন্দ্রীয় বিত্তীয় তদন্তকাৰী সংস্থাটোৱে সুৰা কেলেংকাৰিৰ গোচৰত যিকোনো মুহূৰ্তত গ্রেপ্তাৰ কৰিব পাৰে বুলি শংকা কৰা হৈছে।

ইপিনে,এনে ঘটনাক্ৰমৰ মাজতে আজি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ বাসভৱনত উপস্থিত হয় দিল্লী ক্রাইম ব্রাঞ্চৰ বিষয়া ৷ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি দিল্লী ক্রাইম ব্রাঞ্চৰ বিষয়া কি আলোচনা কৰা জানিব পৰা হোৱা নাই ৷ আপৰ গুৰুত্বৰ অভিযোগ, ইডিৰ অভিযোগৰ ভিত্তিত ক্রাইম ব্ৰাঞ্চৰ এই তদন্ত ৷

আপে ইডিৰ এই চমনকো বেআইনী অভিহিত কৰি কেজৰিৱালক গ্রেপ্তাৰ কৰিবলৈ এইদৰে বাৰে বাৰে ভুৱা অভিযোগত চমন জাৰি কৰা বুলি দাবী কৰিছে। আপৰ লগতে অভিযোগ, ঝাৰখণ্ডৰ দৰে দিল্লীৰ চৰকাৰ পতনৰ ষড়যন্ত্র কৰিছে বিজেপিয়ে।

Exit mobile version