British Prime Minister Is The Victim Of Racism:বৰ্ণবিদ্বেষৰ বলি ব্রিটিছ প্রধানমন্ত্রী !

সাক্ষাৎকাৰত স্বীকাৰ প্ৰধানমন্ত্ৰী ছুনাকৰ

rishi sunak

British Prime Minister Is The Victim Of Racism:

ব্রিটেইনৰ ভাৰতীয় বংশোদ্ভূত প্রধানমন্ত্রী ঋষি ছুনাকে এক সাক্ষাৎকাৰত স্বীকাৰ কৰা অনুসৰি শৈশৱত তেওঁ ব্রিটেইনত বর্ণবিদ্বেষৰ বলি হৈছিল।

ADVERTISEMENT

আইটিভি নিউজৰ এক সাক্ষাৎকাৰত ব্ৰিটিছ প্রধানমন্ত্রীয়ে কয় যে শৈশৱত তেওঁক অভিভাৱকে অতিৰিক্ত নাটক শিক্ষাৰ বাবে প্ৰেৰণ কৰিছিল যাতে তেওঁ ব্ৰিটিছ সমাজৰ স’তে সহজে মিলি যাব পাৰে আৰু ব্ৰিটিছ ইংৰাজী কোনো বাধা অবিহনে ক’ব পাৰে।

সাক্ষাৎকাৰত ছুনাকে কয়, ‘স্পষ্টভাবে মই শৈশৱত বর্ণবিদ্বেষৰ অভিজ্ঞতা লাভ কৰিছিলো। বর্ণবিদ্বেষে অন্তৰক দংশন কৰিছিল। মোৰ মায়ে লক্ষ্য ৰাখিছিল যাতে আমি সঠিক উচ্চাৰণৰে বাৰ্তালাপ কৰিব পাৰো।

মই ভাবো, কোনো ধৰণৰ বৰ্ণবাদ গ্রহণযোগ্য নহয়।’ অবশ্যে ছুনাকে এই কথাও স্বীকাৰ কৰে যে তেওঁ সপোনতো ভবা নাছিল যে এদিন এজন জাতিগত সংখ্যালঘু হোৱাৰ পাছত তেওঁ ব্রিটেইনৰ প্ৰধানমন্ত্ৰী হ’ব পাৰিব।

ব্রিটেইনৰ উদাৰ সমাজ ব্যৱস্থাৰ কাৰণতে এয়া বাস্তৱত সম্ভৱ হ’ল বুলি ৪৩ বছৰীয়া ছুনাকে স্বীকাৰ কৰে।

Exit mobile version