Assam Weat Report:প্ৰচণ্ড শীতৰ মাজতে চাৰিদিনলৈ ৰাজ্যত মুষলধাৰ বৰষুণৰ সম্ভাৱনা !

ৰাজ্যৰ দহ খন জিলাত হালধীয়া সতর্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্র

wr

Assam Weater Report:

ৰাজ্যত যোৱা এটা পষেকৰ পৰা অব্যাহত থকা প্ৰচণ্ড শীতৰ মাজতে মুষলধাৰ বৰষুণ দিয়াৰ আশংকা কৰিছে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই

ADVERTISEMENT

আগন্তুক চাৰিদিনৰ ভিতৰত ৰাজ্যৰ কেতবোৰ অঞ্চলত বিজুলী, ঢেৰেকনি আৰু ব্ৰজপাতৰ লগতে প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি ইতিমধ্যে দহ খন জিলাত হালধীয়া সৰ্তকতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্রই ৷

হালধীয়া সৰ্তকতা জাৰি কৰা জিলা কেইখন হ’ল হোজাই, ধেমাজি, চৰাইদেউ, তিনিচুকীয়া, ডিমা হাচাও,ডিব্ৰুগড়,মৰিগাওঁ, নগাওঁ, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং ৷ এই জিলাৰ বাসিন্দা সকলক প্ৰচণ্ড শীতৰ পৰা হাত সাৰিবলৈ পৰ্যাপ্ত ব্যৱস্থা ল’বলৈ আহ্বান জনায় বতৰ বিজ্ঞান কেন্দ্রই ৷

Exit mobile version