Jaregaon Tilapara L P School:৫১৭ নং জৰেগাওঁ টিলাপাৰা প্ৰাথমিক বিদ্যালয়ত দুখন প্ৰাথমিক বিদ্যালয়ৰ বন্ধু বিদ্যালয় অনুষ্ঠান 

rr

Jaregaon Tilapara L P School:

আজি কোকৰাঝাৰ জিলাৰ ছালেকাটি উপ-আৰক্ষী চকীৰ অন্তৰ্গত জৰেগাওঁ মণ্ডল সমল কেন্দ্ৰৰ অধীন ৫১৭ নং জৰেগাওঁ টিলাপাৰা প্ৰাথমিক বিদ্যালয় আৰু উত্তৰ কূৰ্শাকাটি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ লগতে সদস্য সদস্যা সকলৰ সহযোগত বন্ধু বিদ্যালয় অৰ্থাৎ twinning Program ৰ কাৰ্য্যসূচী অনুষ্ঠিত কৰে।

ৰাতিপুৱাৰ কাৰ্য্যসূচী অনুসৰি বিদ্যালয়ৰ চৌহদ পৰিস্কাৰ,প্ৰাতঃসভা কৰি তাৰ লগে লগে ছাত্ৰ-ছাত্ৰী সকলে পাঠদান,চিত্ৰাংকন,কুইজ,কবিতা আবৃত্তি,খেল ধেমালি,আকস্মিক বক্তৃতা,সাধুকথা, নৃত্য-গীতৰ প্ৰতিযোগীতাত ভাগ লয়। অনুষ্ঠানৰ শেষত ছাত্ৰ-ছাত্ৰী সকলৰ নম্বৰ অনুপাতে কলম,বহী আৰু এখনকৈ ছাৰ্টিফিকেট প্ৰদান কৰা হয়।

উক্ত অনুষ্ঠানত উপস্থিত থাকে মণ্ডল সমল কেন্দ্ৰৰ চি আৰ চি চি নৱকান্ত ৰায়,সমাজ কৰ্মী তথা ৬৭৭ নং উজান কাউনীয়াভাষা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ছফিকুল ইছলাম,বিশিষ্ট সমাজ কৰ্মী,কৃতি শিক্ষক কৃষ্ণ কান্ত দাস,সাংবাদিক তথা আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থাৰ সদস্য ভীস্ম সৰকাৰ,এবিএমছুৰ কোকৰাঝাৰ জিলাৰ সম্পাদক ছেলিম শ্বেখ,আমছুৰ কেন্দ্ৰীয় সহ-সাধাৰণ সম্পাদক আমিৰ আলি,দুই খন বিদ্যালয়ৰ প্ৰধান শিক্ষক সকল তথা সহকাৰী শিক্ষক সকল,বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সকল,স্থানীয় বিশিষ্ট ব্যক্তি সকল,গাওঁৰ গাওঁবুঢ়াৰ লগতে অভিভাৱক সকল।

Exit mobile version