UCC Bill Will be Introduced in the Assam Assembly:UCC In Assam :অসমত অচিৰেই বলৱৎ হ’ব ‘সম নাগৰিক সংহিতা

১০ ফেব্ৰুৱাৰীত কেবিনেটত লোৱা হ'ব প্ৰস্তাৱ, চলিত বিধানসভাৰ বাজেট অধিৱেশনতে উত্থাপন হ’ব UCC বিধেয়ক, উত্তৰাখণ্ডৰ পিছতে UCC বলৱৎ হোৱা দ্বিতীয়খন ৰাজ্য হ'ব অসম

UCC Bill Will be Introduced in the Assam Assembly:

সকলো জল্পনা- কল্পনাৰ অন্ত পেলাই অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনতে উদ্থাপন হ’ব বহুচৰ্চিত সম নাগৰিক সংহিতা(ইউচিচি)বিধেয়ক ৷ একেদৰে উদ্থাপন হ’ব বহু বিবাহ প্ৰতিৰোধী আইন ৷ ১০ ফেব্ৰুৱাৰীত কেবিনেটত ইউচিচি বিধেয়কক লৈ গ্ৰহণ কৰা হ’ব প্ৰস্তাৱ।

উল্লেখ্য যে,উত্তৰাখণ্ডৰ পিছত ইউচিচি বলৱৎ হোৱা দ্বিতীয়খন ৰাজ্য হিচাপে পৰিগণিত হ’ব অসম ৷ অসমত ইউচিচি আইন বলবৎ হোৱাৰ লগে লগে ধৰ্মৰ ভিত্তিত নাথাকিব কোনো আইন ৷ তাৰ পৰিৱৰ্তে সকলো নাগৰিকৰ বাবে থাকিব একেখন আইন ৷ একেদৰে ‘সম নাগৰিক সংহিতা’ বলবৎ হোৱাৰ পিছত নাথাকিব হিন্দু ল’ আৰু মুছলিম পাৰ্চনেল ল’ ব্যৱস্থা ৷

মনকৰিবলগীয়া যে,ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ইউচিচি আইনৰ সপক্ষে অৱস্থান কৰি অসমত এই আইন বলবৎ কৰাৰ বাবে সক্ৰিয় ভূমিকা লৈছিল ৷

Exit mobile version