Kejriwal Summoned By Court:এইবাৰ কেজৰিৱাললৈ চমন আদালতৰ

১৭ ফেব্ৰুৱাৰীত হাজিৰ হ'ব লাগিব আদালতত

delhi

Kejriwal Summoned By Court:

দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আম আদমী পার্টি (আপ)ৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ দিন বেয়া। দিল্লীৰ ৰাউজ এভিনিউ আদালতে কেজৰিৱাললৈ এক চমন জাৰি কৰিলে।

আদালতে দিল্লীৰ মুখ্যমন্ত্রীক অহা ১৭ ফেব্ৰুৱাৰীত প্ৰৱর্তক সঞ্চালকালয় (ইডি)ৰ আবেদনৰ সন্দৰ্ভত আদালতত হাজিৰ হ’বলৈ নির্দেশ দিলে।

উল্লেখ্য যে দিল্লীৰ আবকাৰী গোচৰত জড়িত অবৈধ ধনৰ লেনদেনৰ গোচৰত ইডিয়ে কেজৰিৱালক পাঁচবাৰকৈ সোধাপোছাৰ বাবে চমন জাৰি কৰিছিল যদিও দিল্লীৰ মুখ্যমন্ত্রীজনে এবাৰো হাজিৰ হোৱা নাছিল।

ইয়াৰ পাছতে ইডিয়ে আদালতৰ কাষ চাপে। আদালতে ইডিৰ আবেদনৰ সন্দৰ্ভত উভয় পক্ষৰ যুক্তি শুনাৰ পাছত কেজৰিৱালক এই গোচৰত অহা ১৭ ফেব্ৰুৱাৰীত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিলে।

Exit mobile version