Veteran Actor RAJANIKANTA:প্রতি মিনিটত এক কোটি টকা উপার্জন ৰজনীকান্তৰ

rajanikant

Veteran Actor RAJANIKANTA:

ৰজনীকান্তৰ চলচ্চিত্ৰৰ প্ৰতি দৰ্শকৰ এক বিশেষ আকর্ষণ আছে। ৰজনীকান্ত অভিনীত প্রায় প্রতিখন ছবিয়ে বক্স অফিচত বৃহৎ সফলতা লাভ কৰি আহিছে।

শেহতীয়াভাবে দক্ষিণ ভাৰতৰ জনপ্রিয় অভিনেতাজনে ‘লাল চেলাম’ নামৰ ছবি এখনত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে। প্রকাশিত বাতৰি অনুসৰি ৰজনীকান্তে ‘লাল চেলাম’ত অভিনয়ৰ বাবে মাত্র ৩০-৪০ মিনিটৰ দৃশ্যগ্ৰহণৰ বাবদ এক কোটি টকাকৈ পাৰিশ্ৰমিক গ্রহণ কৰিছে।

অৱশ্যে এইখন ছবিত ৰজনীকান্তে মূল চৰিত্ৰত অভিনয় কৰা নাই। লাইকা প্ৰডাকচনৰ ‘লাল চেলাম’ত ৰজনীকান্তৰ চৰিত্ৰটোৱে প্রায় ৩০-৪০ মিনিট সময় ভুমুকি মাৰিব। এই ছবিত অভিনয়ৰ বাবে অভিনেতাজনে মূল ৪০ কোটি টকা পাৰিশ্ৰমিক গ্রহণ কৰিলে।

অর্থাৎ প্রতি মিনিটত অভিনয়ৰ বাবদ ৰজনীকান্তে লাভ কৰিলে এক কোটি টকা। ৭৩ বছৰ বয়সীয়া ৰজনীকান্ত অভিনীত অন্তিমখন ছবি ‘জেইলৰ’-এ বক্স অফিচত ৬০০ কোটি টকাৰো অধিক ব্যৱসায় কৰিছিল।

Exit mobile version