Ayodhya Ramlala:১৪ ঘণ্টা ভক্তক দর্শন দি ক্লান্ত শিশু ৰামলালা, প্রয়োজন বিশ্ৰামৰ

ramlala

Ayodhya Ramlala:

যোৱা ২২ জানুৱাৰীত প্ৰাণ প্রতিষ্ঠাৰ পাছত অযোধ্যাৰ ৰাম মন্দিৰত সৰ্বসাধাৰণৰ দর্শন ২৩ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল। পুৱাৰে পৰা ভক্তৰ দৰ্শনৰ পাছত দুপৰীয়া বিশ্রাম, সন্ধ্যাৰ ভোগ আৰু আৰতিৰ পাছত ৰামলালাৰ শয়ন আৰম্ভ হয়। দিনে পাঁচবাৰকৈ আৰতি কৰা হয় এই মন্দিৰত।

ADVERTISEMENT

ভক্তৰ অধিক ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ মন্দিৰ অধিক সময় খোলা ৰখা হৈছে। ইয়াৰ ফলত ৰামলালাৰ পর্যাপ্ত বিশ্রাম হোৱা নাই বুলি মত প্ৰকাশ কৰিলে ৰাম মন্দিৰ ন্যাসৰ সচিব তথা বিশ্ব হিন্দু পৰিষদৰ উপাধ্যক্ষ চম্পত ৰায়ে। প্রতিদিনে ১৪ ঘণ্টা সময় ভক্তৰ বাবে ৰাম মন্দিৰৰ দুবাৰ খোলা ৰখা হৈছে।

ৰাম মন্দিৰত পূজিত হৈছে পাঁচ বছৰৰ শিশু ৰাম। এজন শিশুক নিদ্ৰাৰ পৰা জগোৱাৰ পৰা আৰম্ভ কৰি পুনৰ নিদ্ৰাৰত কৰালৈকে নির্দিষ্ট নিয়ম অনুসৰণ কৰা হয় আৰু ৰাম মন্দিৰত থকা শিশু ৰামৰ ক্ষেত্ৰতো একে নিয়ম পুৰোহিতসকলে পালন কৰিছে।

কিন্তু ১৪ ঘণ্টাকৈ মন্দিৰ খোলা ৰখাৰ ফলত শিশু ৰামৰ পর্যাপ্ত নিদ্ৰাত বাধাৰ সৃষ্টি হৈছে। এই কাৰণতে ভক্তক দর্শন দি ক্লান্ত ৰামলালাক বিশ্রামৰ প্ৰয়োজন হোবা বুলি মত প্ৰকাশ কৰি ৰায়ে ক’লে, ‘অনেকে সহমত যে শিশুৰূপী ঈশ্বৰক সঠিক বিশ্রামৰ প্ৰয়োজন। কোনো শিশুৰ পক্ষে ১৪ ঘণ্টা সাৰে থকা জানো সম্ভব? শিশুৰূপী ভগৱানকো ১৪ ঘণ্টা সাৰে ৰাখি জগতৰ মংগল সাধন সম্ভৱ জানো?’

Exit mobile version