Dibrugarh BJP General Secretary Resigns:ডিব্ৰুগড় জিলা বিজেপিত মোক্ষম আঘাত

জিলা সাধাৰণ সম্পাদক ব্ৰজেন গগৈৰ পদত্যাগ

dibrugarh

Dibrugarh BJP General Secretary Resigns:

লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত জিলা বিজেপিত মোক্ষম আঘাত ৷ ডিব্ৰুগড়ৰ জিলা সভাপতিৰ একনায়কত্ববাদৰ বাবেই দল ত্যাগৰ ঘোষণা কৰে জিলা সাধাৰণ সম্পাদক ব্ৰজেন গগৈয়ে ৷
উল্লেখ্য যে,বিগত ২৪ টা বছৰে বুথ পৰ্যায়ৰ পৰা দলটো শক্তিশালী কৰাত অগ্ৰণী ভূমিকা লৈ দলটোৰ তৃণমূলৰ পৰা বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি শেহতীয়াকৈ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য ৰূপে নিয়োজিত হৈ আছিল গগৈ ৷

কা’ আন্দোলনৰ সময়ত ব্ৰজেন গগৈৰ ব্যৱসায়ী প্ৰতিষ্ঠান জ্বলাই দিয়া হৈছিল ৷ ডিকম জিলা পৰিষদৰ সদস্যজনৰ হঠাতে দলত্যাগৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ডিব্ৰুগড় বিজেপিত ৷

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা মাহ থকা অৱস্থাত জিলা বিজেপিৰ জ্যেষ্ঠ নেতা গৰাকীৰ দলত্যাগে দলটোৰ বাবে এক ক্ষতি বুলি অভিহিত কৰিছে সচেতন মহলে ৷

আনহাতে ব্ৰজেন গগৈক পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত বৰুৱা আৰু ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

Exit mobile version