Google Chrome users Warned By Government:গুগল ক্র’ম ব্যৱহাৰকাৰীক সতর্ক কৰিলে চৰকাৰে, কিন্তু কিয় ?

gogole

Google Chrome users Warned By Government:

চৰকাৰী নিৰাপত্তা সংস্থা চার্ট-ইন-এ গুগল ক্র’ম অপাৰেটিং ছিষ্টেম (অ’এছ) ব্যৱহাৰকাৰীক সতৰ্ক কৰিলে। ক্ৰ’মৰ একাধিক দুৰ্বলতাৰ দিশ চিনাক্ত কৰাৰ পাছত ছার্ট-ইনে এই অপাৰেটিং ছিষ্টেম ব্যৱহাৰ কৰা লোকসকলক সতর্ক কৰি কয় যে এনে দুৰ্বলতাৰ সুযোগ গ্রহণ কৰি হেকাৰে যিকোনো ব্যক্তিৰ কম্পিউটাৰ হেক্‌ কৰিব পাৰে।

ADVERTISEMENT

এইদৰে হেকাৰে কোনো ব্যক্তিৰ কম্পিউটাৰ মজুত থকা ব্যক্তিগত তথা গোপনীয় তথ্য পাতি অতি সহজে আহৰণ কৰাৰ শংকা আছে বুলি নিৰাপত্তা প্রতিষ্ঠানটোৱে উল্লেখ কৰিছে।

কম্পিউটাৰত থকা বিভিন্ন তথ্যপাতি সুৰক্ষিত ৰাখিবলৈ হ’লে গুগল ক্র’ম ব্যৱহাৰকাৰীয়ে তৎকালীনভাবে এই ব্রাউজাৰ আপডেট কৰা অতি জৰুৰী বুলি চার্ট-ইনে পৰামৰ্শ দিছে। ক্ৰ’মৰ ১১৪.০.৫৭৩৫.৩৫০ (প্লেটফর্ম ভার্জন: ১৫৪৩৭.৯০.০)ৰ পূৰ্বৰ সংস্কৰণত বিপদৰ শংকা অধিক আছে। যদিহে আপোনাৰ কম্পিউটাৰত থকা ক্ৰ’ম অ’এছ পুৰণি সংস্কৰণৰ তেন্তে আজিয়ে সেয়া আপডেট কৰক।

ক্ৰ’ম ব্যবহাৰকাৰীয়ে এই অপাৰেটিং ছিষ্টেমৰ ১১৪.০.৫৭৩৫.৩৫০ ভাৰ্ছনতকৈ নতুন সংস্কৰণ ব্যৱহাৰ কৰা উচিত বুলি চার্ট-ইনে পৰামর্শ দিছে।

Exit mobile version