Pm Modi In Parliament Canteen:শাস্তি দিলে প্রধানমন্ত্রী মোদীয়ে, আপ্লুত আঠ সাংসদ: সংসদৰ কেন্টিনত হৈছিল কি?

pm modiincanteen

Pm Modi In Parliament Canteen:

সংসদত অব্যাহত আছে বাজেট অধিবেশন। অধিৱেশনৰ মাজতে সাংসদসকলক এক বিশেষ ‘ছাৰপ্ৰাইজ’ দিলে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে । সময়ত হঠাতে সংসদৰ নতুন ভৱনৰ কেন্টিনত উপস্থিত হ’ল প্রধানমন্ত্রী।

সেই সময়ত কেন্টিনত খাদ্য গ্রহণত ব্যস্ত আছিল সাংসদসকল। এইসকল সাংসদৰ স’তে একেলগে বহি খাদ্য গ্রহণ কৰিলে মোদীয়ে। মুঠ আঠজন সাংসদক প্ৰধানমন্ত্ৰীৰ স’তে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে নিমন্ত্রণ জনোৱা হৈছে। মোদীৰ স’তে উক্ত মধ্যাহ্ন ভোজনত অংশ লৈছিল বিজেপিৰ সাংসদ হীনা গাভিত, এছ ফাংগনন কোনায়ক, জামিয়াংগ এল মুকগান, টিডিপি সাংসদ ৰামমোহন নাইডু, বিএছপি সাংসদ ৰীতেশ পাণ্ডে আৰু বিজেডি সাংসদ চাচমিত পাত্র। দুপৰীয়া আঢ়ৈ বজাত এই সাংসদকেইজনক ফোন কৰি প্ৰধানমন্ত্ৰীয়ে মধ্যাহ্ন ভোজনৰ প্রস্তাব দিছিল।

মোদীয়ে তেওঁলোকক ৰসিকতা কৰি এইদৰে কৈছিল, ‘বলক, আজি আপোনালোকক এটা শাস্তি দিয়া যাওক।’ দৰাচলতে ‘শাস্তি’ বুলি কৈ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ‘স’তে মধ্যাহ্ন ভোজনৰ কথাকে সাংসদকেইজনক ধেমালিৰে কৈছিল। মোদী যিহেতু নিৰামিষভোজী, সেয়েহে আঠ সাংসদেও আজি সংসদৰ কেন্টিনত নিৰামিষ খাদ্য গ্রহণ কৰে।

Exit mobile version