Increased number of death row inmates:দুই দশকত মৃত্যুদণ্ড লাভ কৰা কয়দীৰ সংখ্যা বৃদ্ধি দেশত

২০২৩ত ১২০ জনক ফাঁচিৰ ৰায়

jail

Increased number of death row inmates:

ভাৰতত বৰ্তমানে কাৰাগাৰত ৫৬১ জন এনে বন্দী আছে, যিসকলক আদালতে বিভিন্ন গোচৰত মৃত্যুদণ্ডৰ ৰায় দিছিল। বিগত দুই দশকত দেশত সর্বাধিক সংখ্যক অপৰাধীয়ে মৃত্যুদণ্ডৰ ৰায় লাভ কৰিলে।

ADVERTISEMENT

২০১৫ বৰ্ষৰ পাছত দেশৰ কাৰাগাৰত মৃত্যুদণ্ড লাভ কৰা কাৰাবন্দীৰ সংখ্যা ৪৫.৭১ শতাংশ বৃদ্ধি পালে। ৰাষ্ট্ৰীয় বিধি বিশ্ববিদ্যালয় দিল্লীৰ এক প্রতিবেদনত এই তথ্য উল্লেখ কৰিছে।

তথ্য অনুসৰি ভাৰতত ২০২৩ বৰ্ষত নিম্ন আদালতে মুঠ ১২০ জন অপৰাধীক মৃত্যুদণ্ডৰ ৰায় দিছিল। উচ্চতম ন্যায়ালয়ে ২০২৩ বৰ্ষত মৃত্যুদণ্ড লাভ কৰা কোনো ব্যক্তিৰ শাস্তি নিশ্চিত নকৰিলে। আনহাতে, দেশৰ কেৱল কৰ্ণাটক উচ্চ ন্যায়ালয়েহে এজন দোষীৰ মৃত্যুদণ্ডৰ ৰায় যোৱা বছৰত বাহাল ৰাখিলে।

Exit mobile version