Sonia Gandhi files her Nomination Papers for the Rajya Sabha From Rajasthan:ৰাজস্থানৰ পৰা ৰাজ্যসভালৈ ছোনিয়াৰ মনোনয়ন দাখিল

ইন্দিৰাৰ পিছত উচ্চ সদনলৈ গান্ধী পৰিয়ালৰ দ্বিতীয় গৰাকী সদস্যৰ মনোনয়ন দাখিল

soni 1

Sonia Gandhi files her Nomination Papers for the Rajya Sabha From Rajasthan:

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধীয়ে ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ সদস্যৰ বাবে আজি মনোনয়ন দাখিল কৰে। কংগ্ৰেছে ৰাজস্থানৰ ৰাজ্যসভাৰ ৰিক্ত আসনৰ বাবে ছোনিয়াক মনোনীত কৰে।

বুধবাৰে পুৱা ভাগতে ছোনিয়া পুত্ৰ ৰাহুল আৰু কন্যা প্ৰিয়ংকা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটৰ উপস্থিতিত মনোনয়ন দাখিল কৰে।

উল্লেখ্য যে,এই আসনৰ পৰা ৰাজ্যসভাৰ সাংসদ আছিল কংগ্ৰেছৰ বৰ্ষীয়ান নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং। অহা এপ্ৰিল মাহত সিঙৰ ছবছৰীয়া কাৰ্যকালৰ অন্ত পৰিব।

মনকৰিবলগীয়া যে,উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ বৰ্তমানৰ সাংসদ ছোনিয়া গান্ধী প্ৰথমবাৰৰ বাবে ৰাজ্যসভালৈ মনোনয়ন দাখিল কৰিছে । ইয়াৰ পূৰ্বে গান্ধী পৰিয়ালৰ পৰা ৰাজ্যসভালৈ গৈছিল ছোনিয়া গান্ধীৰ শাহুৱেক প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী। তেওঁ ১৯৬৪ ৰ ফেব্ৰুৱাৰীৰ পৰা ১৯৬৭ চনলৈ ৰাজ্যসভাৰ সদস্য আছিল ৷

উল্লেখ্য যে, কংগ্ৰেছৰ বৰ্ষীয়ান জ্যেষ্ঠ নেত্ৰী গৰাকী পোন প্ৰথমবাৰৰ বাবে ১৯৯৯ ত লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ ৰাইবৰেলীৰ পৰা নিৰ্বাচিত হৈছিল ৷ সেই বৰ্ষতে তেওঁ দলটোৰ নেতৃত্বৰ দায়িত্বও লয় ।

ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে বুধবাৰে নিজৰ এক্সত উল্লেখ কৰিছে যে “ ছোনিয়া গান্ধীক কংগ্ৰেছৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাটো আমি আদৰণি জনাইছো।’

স্মতৰ্ৱ্য যে, ছোনিয়া গান্ধী ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পাছত নিজ গৃহ সমষ্টি ৰাইবৰেলীৰ পৰা তেওঁৰ কন্যা প্ৰিয়ংকা গান্ধীয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিল ৷

Exit mobile version