Sadou Asom Goria Moria Deshi Jatiya Parishad:সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী

অসম চৰকাৰৰ বসুন্ধৰা আঁচনিত গৰিয়া, মৰিয়া, দেশী সকলক কৰা বৈষম্যৰ প্ৰতিবাদ, ২৬ খন জিলা সমিতিৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ 

movemeni1

Sadou Asom Goria Moria Deshi Jatiya Parishad:

অসম চৰকাৰৰ বসুন্ধৰা আঁচনিৰ জৰিয়তে যুগ যুগ ধৰি অসমভূমিত বসবাস কৰি অহা অসমৰ থলুৱা অনুসূচীত জাতি-জনজাতিৰ লগতে বিভিন্ন থলুৱা জনগোষ্ঠীৰ ভূমিহীন লোকসকলক অসম চৰকাৰৰ দ্বাৰা চৰকাৰী ভাৱে ভূমিৰ পট্টা প্ৰদান কৰি এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা কাৰ্যক সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে বৰ্তমানৰ চৰকাৰখনক ধন্যবাদ জনায়।

যিটো অসমৰ খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যত জীৱন সুৰক্ষিত কৰণৰ ক্ষেত্ৰত নিশ্চিতভাৱে এক শক্তিশালী আৰু সময়োপযোগী পদক্ষেপ বুলিও সংগঠনটোৰ নেতৃবৃন্দ‌ই স্বীকাৰ কৰে। গৰিয়া, মৰিয়া, দেশী জনগোষ্ঠীক চৰকাৰীভাৱে খিলঞ্জীয়া স্বীকৃতি, সুকীয়া জৰীপ কৰি জনগোষ্ঠীয় পৰিচয় পত্ৰ প্ৰদান আদিকে ধৰি প্ৰতিশ্ৰুতি দিয়াৰ উপৰি মুখ্যমন্ত্ৰী জনে গৰিয়া, মৰিয়া, দেশী জনগোষ্ঠী আদি সমূহৰ ক্ষেত্ৰত লৈ অহা পদক্ষেপক এক ঐতিহাসিক সিদ্ধান্ত আৰু সাহসী পদক্ষেপ বুলি গৌৰৱ কৰিছিল।

তেনে সময়তে অসম চৰকাৰৰ বসুন্ধৰা আঁচনিৰ জৰিয়তে যি বৈষম্য দেখিবলৈ পালে, এনে ক্ষেত্ৰত সংগঠনটোৰ নেতৃত্বই অশান্তি আৰু ক্ষোভ প্ৰকাশ কৰি কয় যে অসমৰ থলুৱা জনগোষ্ঠী ক্ৰমে গৰিয়া , মৰিয়া আৰু দেশী লোকসকলৰ বহু ভূমিহীন পৰিয়ালে দীৰ্ঘদিন ধৰি চৰকাৰী ভূমিত বসবাস কৰি থকা উক্ত জনগোষ্ঠীৰ পৰিয়াল সমূহক অসম চৰকাৰৰ বসুন্ধৰা আঁচনিৰ ১.০ আৰু ২.০ ত সম্পূৰ্ণৰূপে উপেক্ষিত কৰা বুলি দাবী কৰি বসুন্ধৰা আঁচনিত গৰিয়া-মৰিয়া-দেশী জনগোষ্ঠীক বৈষম্য মানি লোৱা নহব, খিলঞ্জীয়াকো ধৰ্মীয় বৈষম্যৰ বলি কৰা হল কিয় ? উত্তৰ লাগে উত্তৰ দিয়ক,হাজাৰ বছৰে অসমেই আমাৰ বসুন্ধৰা,অসমেই মাতৃ, নাই আমাৰ ধাত্ৰী, নকৰিব আমাক বৈষম্যৰ আৰু অন্যায়ৰ যাত্ৰী,জীৱনে মৰণে আমি অসমৰেই অসমীয়া আদি শ্লোগানৰে অসমজুৰি বিক্ষোভ কাৰ্যসূচী পালন কৰি জিলা আয়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এই স্মাৰক পত্ৰ প্ৰদান কৰি বিষয়তো গুৰুত্ব সহকাৰে ল’বলৈ আহ্বান জনায়।

অন্যথা সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে নিজৰ ন্যায্য প্ৰাপ্তিৰ দাবীত ৰাজপথলৈ ওলাই অহাৰ ভাবুকি প্ৰদান কৰে। দৰকাৰ হলে পৰিষদে উক্ত জনগোষ্ঠীৰ লোকসকলক বঞ্চিত আৰু অৱহেলিত কৰাৰ প্ৰতিবাদত দিছপুৰ চলো কাৰ্যসূচী হাতত লোৱাৰ কথা প্ৰকাশ কৰে।

Exit mobile version