Caa’ Against Rally in Guwahati:’কা’ বাতিলৰ দাবীত পুনৰ আন্দোলন !

মহানগৰীত ডঃ হীৰেণ গোঁহাইৰ নেতৃত্বত ১৭ ফেব্ৰুৱাৰীত সমাৱেশ

hiren gohain

Caa’ Against Rally in Guwahati:’

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ কাৰ্যকৰী কৰিব বুলি লোকসভাত গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণাই দেশৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ বিশেষকৈ এই আইনৰ বিৰুদ্ধে সৱল প্ৰতিবাদ হোৱা অসমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷যাৰবাবে এই ক’লা আইন খনৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতি, অসমে।

সমিতিৰ মুখ্য সমন্বয়ক দেৱেন তামুলীয়ে স্বাক্ষৰিত এক প্ৰেছ বিবৃত্তিত উল্লেখ কৰা অনুসৰি লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘কা’ আইনৰ বিধি প্ৰস্তুত কৰি বলবৎ কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৰা ঘোষণাৰ প্ৰতিবাদকল্পে আৰু ‘কা’ বাতিলৰ দাবীত নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতি, অসমে অহা ১৭ ফেব্ৰুৱাৰীত লক্ষীধৰ বৰা ক্ষেত্ৰত (এন চি পি অফিচ) দিনৰ ১১ বজাত এক সমাবেশৰ আয়োজন কৰিছে।

সমাবেশত বিভিন্ন দল, সংগঠনৰ প্ৰতিনিধিৰ উপৰিও ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব। সমিতিয়ে ‘কা’ বিৰোধী ৰাইজৰ উপস্থিতি কামনা কৰিছে।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতিৰ সভাপতি হৈছে ডঃ হীৰেণ গোঁহাই ৷ তেখেতৰ বলিষ্ঠ ভূমিকাৰ বাবেই এইবাৰ পুনৰ থন ধৰি উঠিব কা’বিৰোধী আন্দোলন ৷

Exit mobile version