Water pipes burst again in the Guwahati:মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ! ঠায়ে ঠায়ে জলবৰ্ডৰ নিম্নমানৰ কামৰ অভিযোগ

জলবৰ্ডৰ গাফিলতিৰ বাবেই সঘনাই সংঘটিত হয় জল বিস্ফোৰণ

jalboard

Water pipes burst again in the Guwahati:

মহানগৰীত যিটো সময়ত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে মহানাগৰিকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷তাৰ বিপৰীতে য’তে ত’তে পানীৰ পাইপ ফুটি পানী অপচয় হোৱাটো এতিয়া নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে ।

শণিবাৰে পুৱা সাত বজাত মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ। সদাব্যস্ত ভঙাগড়ৰ হাবৰ সমীপত পানীৰ পাইপ ফুটি ৰাজপথ হৈ পৰে জলমগ্ন ৷ ফলত হাজাৰ হাজাৰ লিটাৰ পানী অপচয় হয়।

উল্লেখ্য যে,ইয়াৰ পূৰ্বে খাৰঘূলিৰ জয়পুৰত সংঘটিত হৈছিল ভয়ংকৰ জল বিস্ফোৰণ । মুহূৰ্ততে পানীৰ ঢলে উটুৱাই নিয়ে বহু ঘৰ- দুৱাৰ ৷ মৃত্যু হয় এগৰাকী বৃদ্ধাৰ ৷
বিধ্বস্ত হৈ পৰে বাটপথ ৷ ইয়াৰ পিছতো শিকনি নহ’ল জাইকা বা জলবৰ্ডৰ ৷তাৰ পাছতো একাদিক্ৰমে মালিগাঁও,ৰাজগড়,চান্দমাৰী,হাতীগাওঁ চাৰিআলিটো পানীৰ পাইপ ফুটি সংশ্লিষ্ট অঞ্চল জলমগ্ন হৈ পৰিছিল ৷

মহানগৰীৰ ঠায়ে ঠায়ে এনেদৰে সঘনাই পানীৰ পাইপ ফুটি থকাটোৱে এটা কথা স্পষ্ট হয় যে, জলবৰ্ডৰ অতি নিম্নমানৰ কামৰ বাবেই এইদৰে ইটোৰ পাছত সিটোকৈ পানীৰ পাইপ ফুটি জলমগ্ন হৈ পানীৰ অপচয় হৈ আহিছে ৷

কেতিয়া শিকনি হ’ব জলবৰ্ডৰ ৷ নে এনেদৰে মহানগৰীত পানীৰ পাইপ ফুটি থাকিব ৷ সচেতন মহলে এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সময়োচিত ব্যৱস্থাৰ দাবী জনাইছে ৷

Exit mobile version